Advertisment

শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ

ডিমা হাচাওৰ হাৰাংগাজাওত অঘটন। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। মৃত ৩ শিক্ষাৰ্থীৰ দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ।

 শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ

জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু

গুৱাহাটী, ০৮ নৱেম্বৰঃ শোকাৱহ, বুকু কঁপি উঠা এক খবৰ। ডিমা হাচাও জিলাৰ হাৰাংগাজাওত অঘটন। যি ঘটনাই কঁপাই গৈছে ৰাজ্য। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ। ব্যস্ত শিক্ষাৰ্থীৰ জীৱনত বন্ধু-বান্ধৱৰ সৈতে কিছু মুহূৰ্ত বিনোদন কৰিবলৈ শিলচৰৰ পৰা ডিমা হাচাও জিলাৰ হাৰাংগাজাওৰ বৌলচল জলপ্ৰপাত উপভোগ কৰিবলৈ গৈছিল শিলচৰ NITৰ ৭ শিক্ষাৰ্থী। সাতগৰাকী শিক্ষাৰ্থীৰ জীৱিত আছে ৪ গৰাকীহে। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ গৈ নিয়তিৰ ওচৰত হাৰ মানিলে ৩ শিক্ষাৰ্থীয়ে। 

Advertisment

ALSO READ: অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰ

মূলত এক ভয়ংকৰ দুৰ্ঘটনা। যেন মৃত্যু এনেকৈয়ে আহে। সংগোপনে, সুন্দৰ প্ৰকৃতিৰ পৰিৱেশৰ মাজেৰে। সতীৰ্থৰ সৈতে বিনোদনৰ বাবে গৈ চিৰদিনৰ বাবে যে হেৰাই যাব সেয়া হয়তো সপোনতো ভবা নাছিল সৌহাৰ্দ ৰায়, সৰ্বাকৃতিকা আৰু ৰাধিকাই। হয় হাৰাংগাজাও বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। হাৰাংগাজাওৰ পৰা প্ৰায় ৩ কিঃমিঃ দূৰত্বত অৱস্থিত বৌলচল জলপ্ৰপাতেই কাল হ'ল উত্তৰপ্ৰদেশৰ সৌহাৰ্দ ৰায়, সৰ্বাকৃতিকা লগতে বিহাৰৰ ছাত্ৰী ৰাধিকাৰ বাবে। 

ALSO READ: CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল

প্ৰথমে খবৰ আহিল বৌলচল জলপ্ৰপাতত সন্ধানহীন শিলচৰ NITৰ প্ৰথমবর্ষৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ। কিয়নো শনিবাৰে শিলচৰ এনআইটিৰ পৰা ছাত্ৰ-ছাত্ৰীৰ এটা দল হাৰাংগাজাওলৈ বুলি ফুৰিবলৈ গৈছিল। হাৰাংগাজাওৰ বৌলচল জলপ্ৰপাত অতিকে জনপ্ৰিয়। বহু লোকে অৱসৰ বিনোদনৰ বাবে সেই ঠাইলৈ যায়। ঠিক সেইদৰেই শিলচৰ NITৰ ৭ শিক্ষাৰ্থীয়েও সুন্দৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ গ'ল। প্ৰথমাৱস্থাত তাৰে ৩ গৰাকী সন্ধানহীন। লাগিল হুৱা-দুৱা, কান্দোনৰ ৰোল। পৰৱৰ্তী পৰ্যায়ত নিশ্চিত হ'ল তিনিওগৰাকীৰে মৃত্যু হৈছে। লগে লগে যেন চাৰি বন্ধুৰ মূৰত সৰগ সৰি পৰিল। স্থানীয় লোকে খবৰ পাই ততাতৈয়াকৈ গৈ উপস্থিত হয় ঘটনাস্থলীত। খবৰ দিয়া হ'ল আৰক্ষীক, ঘটনাৰ খবৰ পাই হাৰাংগাজাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমান স্থানীয় লোক আৰু আৰক্ষীয় নেতৃত্বত ৩ শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত আছে। শোকাৱহ ঘটনাৰ খবৰ পাই শিলচৰ এনআইটিৰ এটা দল হাৰাংগাজাও লৈ ৰাওনা হৈছে বুলিও জানিব পৰা গৈছে। 

Advertisment
Advertisment