Advertisment

CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল

আজি CID কাৰ্যালয়ত হাজিৰ হ’ল জুবিন গাৰ্গৰৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল। মিট্টালৰ পৰা জুবিন সন্দৰ্ভত বিভিন্ন তথ্য ল’লে SITয়ে। আনহাতে প্ৰযোজক শ্যামন্তক গৌতম আৰু জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ো উপস্থিত হয় CID কাৰ্যালয়ত। 

 FILEPHOTO
FILEPHOTO

CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আজি CID কাৰ্যালয়ত হাজিৰ হ’ল জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল। মিট্টালৰ পৰা জুবিন সন্দৰ্ভত বিভিন্ন তথ্য ল’লে SITয়ে। আনহাতে প্ৰযোজক শ্যামন্তক গৌতম আৰু জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ো উপস্থিত হয় CID কাৰ্যালয়ত। 

Advertisment

শুকুৰবাৰে CID কাৰ্যালয়ত হাজিৰ হ'ল জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিট্টাল। ২০০৬ চনৰ পৰা ২০১৪ চনলৈ জুবিন গাৰ্গৰ মেনেজাৰ আছিল তাৰচেম মিট্টাল। জুবিন গাৰ্গৰ পূৰ্বে ছাৰে গা মা পাৰ শিল্পী দেৱজিৎ সাহাৰ মেনেজাৰ আছিল তাৰচেম মিট্টাল। দেৱজিৎ সাহাৰ মেনেজাৰ হৈ থকা সময়তে জুবিন গাৰ্গৰ সান্নিধ্যলৈ আহিছিল তাৰচেম মিট্টাল।‌

জুবিনৰ মেনেজাৰ হৈ থকা সময়ত TM মেনেজমেন্ট নামেৰে প্ৰতিষ্ঠান খুলি তাৰচেম মিট্টালে জুবিনৰ উপৰিও বলিউডৰ কেইবাগৰাকী সংগীত শিল্পীক পৰিচালনা কৰিছিল। ২০১৪ চনত জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে নিজৰে ঘনিষ্ঠ সিদ্ধাৰ্থ শৰ্মাক দায়িত্ব দি তাৰচেম মিট্টাল গুচি গৈছিল মুম্বাইলৈ । 

কিন্তু জুবিনৰ মেনেজাৰ হিচাপে দায়িত্বত নাথাকিলে‌ও তাৰচেম মিট্টালৰ নজৰ আছিল জুবিনৰ টকাত। সেই উদ্দেশ্যে ২০২১ চনত সিদ্ধাৰ্থ শৰ্মাৰ সহায়ত তাৰচেম মিট্টালে জুবিন গাৰ্গৰ‌ নামত খুলি লৈছিল জুবিন গাৰ্গ মিউজিক LLP। যি প্ৰতিষ্ঠানটোৰ মালিকীস্বত্ব আছিল তাৰচেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মাৰ নামত । তৃতীয় পক্ষ হিচাপেহে নাম আছিল জুবিন গাৰ্গৰ । 

এই ভয়ানক ষড়যন্ত্ৰৰ কথা জুবিন গাৰ্গে গম পোৱাৰ পিছত পৰিকল্পিত ভাৱে জুবিন গাৰ্গ মিউজিক LLP ৰ পৰা আতৰিছিল তাৰচেম মিট্টাল । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত গৰিমা শ‌ইকিয়া গাৰ্গৰ দ্বাৰা জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ যোগেৰে সিদ্ধাৰ্থ শৰ্মাক নিৰ্দোষী সজাবলৈ পৰিকল্পনা কৰাৰো অভিযোগ আছে তাৰচেম মিট্টালৰ বিৰুদ্ধে।

সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিৱেশনৰ পিছত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৫০ দিন হোৱাৰ দিনা খনেই CID কাৰ্যালয়ত হাজিৰ হ'ল তাৰচেম মিট্টাল । শুকুৰবাৰৰ দিনটোত CID কাৰ্যালয়ত SIT য়ে মাৰাথন জেৰা চলালে তাৰচেম মিট্টালক । তাৰচেম মিট্টালৰ পৰা SIT য়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিভিন্ন কথাৰ লগতে সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভতো যথেষ্ট তথ্য পাব SITয়ে । 

 ইফালে আজি মুম্বাইত তদন্ত সামৰি গুৱাহাটীত উপস্থিত হ'ল SIT ৰ তদন্তকাৰী বিষয়া মৰমী দাস সহ ৪ জনীয়া দল । ক'ভিড কালৰ সময়ত লকডাউনৰ পূৰ্বে জুবিন গাৰ্গ চিকিৎসাধীন হৈছিল মুম্বাইৰ এখন হস্পিটেলত।‌ তাত জুবিন গাৰ্গৰ চিকিৎসা কৰিছিল ডাঃ ইউচুফ মাচিছৱালা ।  ডাঃ ইউচুফৰ লগত কথা পাতি জুবিন গাৰ্গৰ চিকিৎসা সম্বন্ধীয় তথ্য ল'লে SITয়ে । 

আনহাতে আজি CID য়ে তলব কৰিলে ৰৈ ৰৈ বিনালেৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইক । জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে ৰৈ ৰৈ বিনালেৰ দৃশ্যগ্ৰহণ হৈছিল গতিকে সেই সময় জুবিন গাৰ্গৰ লগত যথেষ্ট সময় কটাইছে শ্যামন্তক গৌতমে। ৰৈ ৰৈ বিনালেৰ সময়ত জুবিন গাৰ্গ অসুস্থ আছিল নিকি এই সন্দৰ্ভত শ্যামন্তক গৌতমৰ পৰা তথ্য ল'ব SIT য়ে ।‌ ইফালে জুবিন ফেন ক্লাৱৰ সম্পাদক পিকু বৰগোহাঁইৰো সাক্ষ্য লৈছে SIT য়ে । পিকু বৰগোহাঁই আৰু শ্বেখৰ জ্যোতি গোস্বামীৰ মাজত হোৱা হোৱাটচ আপ কথোপকথনত জুবিন গাৰ্গ সন্দৰ্ভত যথেষ্ট তথ্য প্ৰকাশ পাইছিল। তাৰপিছতে সলনি হৈছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গতি ।‌

মুঠতে SITয়ে ডিচেম্বৰত কোনো পানী নসৰকা চাৰ্জশ্বীট দিব পাৰে তাৰ বাবে নিৰন্তৰ গতিত SIT য়ে আগবঢ়াইছে তদন্ত।

Advertisment
Advertisment