"অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰ অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে'। জুবিন গাৰ্গৰ অন্তিম ছবিয়ে গঢ়িলে বক্স অফিচ কালেকশ্যনৰ অভিলেখ। দেশজুৰি ছবিখনৰ এইপৰ্যন্ত মুঠ কালেকশ্যন ১৫.২৫ কোটি টকা। Advertisment ৩১ অক্টোবৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ বহুপ্ৰতীক্ষিত চিনেমা "ৰৈ ৰৈ বিনালে"। ৰাজ্যৰ ৯৪খন SCREENত "ৰৈ ৰৈ বিনালে"ৰ ৪৫০ৰো অধিক দৰ্শনী প্ৰদৰ্শন হৈছিল। বেলতলাৰ মেট্ৰিক্স চিনেমাছত পুৱা ৪.২৫ বজাতে আৰম্ভ হৈছিল প্ৰথমটো শ্ব"। অসমৰ লগতে দেশৰ আগশাৰীৰ সকলো মহানগৰতে চলি আছে "ৰৈ ৰৈ বিনালে"। অসমৰ লগতে বেংগালুৰু, মুম্বাই, দিল্লী-NCR, গুৰুগ্ৰাম, নয়ডা, কলকতা, হাইদৰাবাদ, চেন্নাই, আহমেদাবাদতো হাউচফুল হৈছে "ৰৈ ৰৈ বিনালে"ৰ দৰ্শনী। মুকলিৰ এসপ্তাহতে "ৰৈ ৰৈ বিনালে"ৰ বিৰল অভিলেখ বক্স অফিচত। জুবিন গাৰ্গৰ অন্তিম ছবিৰ বক্স অফিচত এতিয়া কালেকশ্যনৰ অভিলেখ। অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে 'ৰৈ ৰৈ বিনালে'। দেশজুৰি ছবিখনৰ মুঠ কালেকশ্যন ১৫.২৫ কোটি টকা। দেশজুৰি নেট কালেকশ্যন ১২.৭৫ কোটি টকা। "ৰৈ ৰৈ বিনালে" ছবিখনৰ Gross কালেকশ্যন ১৫.২৫ কোটি টকা। আজি অষ্টম দিনৰ ছবিগৃহত "ৰৈ ৰৈ বিনালে"ৰ Occupancy ৭৪–৭৫ শতাংশ। প্ৰথম চাৰিদিনত "ৰৈ ৰৈ বিনালে" Overall Ocupancy আছিল 88-98 শতাংশ। অসমীয়া ছবিৰ যুগান্তকাৰী যাত্ৰাৰ সৰ্বকালৰ অভিলেখ ৰচিলে জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পই । অসমীয়া ছবিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এদিনতে প্ৰায় ৮০০ টা প্ৰদৰ্শনী হ"ল সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি "ৰৈ ৰৈ বিনালে"ৰ । সৰ্বকালৰ অভিলেখ ভংগ কৰি পুৱতি নিশা প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ছবিগৃহত প্ৰদৰ্শিত হ"ল ছবিখন । ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে প্ৰথমবাৰৰ বাবে অন্য ছবি প্ৰদৰ্শন নকৰালৈ একমাত্ৰ প্ৰদৰ্শন কৰা হ"ল "ৰৈ ৰৈ বিনালে"। সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি প্ৰদৰ্শিত হ"ল প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখন । এই ছবিখনে গঢ়িলে আন এক অভিলেখ । ইয়াৰ পূৰ্বে অন্য কোনো অসমীয়া ছবি এনেদৰে ৰাজ্যৰ বাহিৰত প্ৰদৰ্শিত হোৱা নাছিল ।"