Advertisment

দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।

 দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

Advertisment

গুৱাহাটী, ০৩ ডিচেম্বৰঃ দেৰগাঁৱৰ সমীপৱৰ্তী এখন গাঁৱত এতিয়া কান্দোনৰ ৰোল। দেৰগাঁৱৰ কাষৰীয়া বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক। পৰিয়ালটোত অতি কমদিনৰ ভিতৰতে ঘটিছে তিনিটাকৈ মৃত্যুৰ ঘটনা। প্ৰথমেই কিছুদিনৰ পূৰ্বে ঘৰখনৰ এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰে ঘৰৰ ভিতৰতেই। সেই ঘটনাৰ শোকাকুল পৰিৱেশ মাৰ নৌযাওঁতেই এটা পুখুৰীত পৰি মৃত্যু হয় শেষ সিদ্ধান্ত গ্ৰহণ কৰা বোৱাৰীগৰাকীৰ স্বামীৰ। সেই বেদনা শাম কাটিবলৈ নৌপাওঁতেই যোৱা ১ ডিচেম্বৰ সোমবাৰে ঘৰখনৰ বৰপুত্ৰ অসীম বৰা নিজৰ ঘৰৰ সন্মুখতে পতিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। বঙ্গাল গাঁৱৰ দেৰগাঁও গোলাঘাট সংযোগী পথটোৰ কাষতে থকা নিজৰ বাসগৃহৰ পৰা এখন মটৰ চাইকেলেৰে ওলাই আহোঁতেই অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় অসীম বৰা নামৰ যুৱকজন। 

ALSO READ: মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান

স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে যোৰহাটৰ চিকিৎসালয়লৈ যুৱকজনক প্ৰেৰণ কৰিছিল যদিও অৱশেষত মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে বিবাহিত যুৱকজনে। নিঠৰুৱা হৈ পৰিল যুৱকজনৰ এটি পাঁচ বছৰীয়া সন্তান, পত্নী আৰু মাতৃ। উল্লেখযোগ্য যে দেৰগাঁৱৰ গোলাঘাট সংযোগী পথটো পুনৰ নিৰ্মাণ কৰাৰ পাছত যথেষ্ট মসৃণ হৈ পৰিল পথটো যাৰ বাবে পথটোৰে যাতায়ত কৰা অধিকসংখ্যক বাহনৰ থাকে তীব্ৰ গতিবেগ। যাৰ ফলত পথটো পুনৰ নিৰ্মাণ হোৱাৰ মাত্ৰ দুমাহৰ ভিতৰতে সংঘটিত হৈছে কুৰিটাতকৈয়ো অধিক দুৰ্ঘটনা। প্ৰাণ গৈছে কেইবাজনৰো, ঘূণীয়া হৈছে বহু কেইজন। শেহতীয়াকৈ বঙ্গাল গাঁৱৰ অতি অমায়িক সৰবৰহী অসীম বৰা নামৰ বিবাহিত যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে গাঁওখনত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ। যুৱকজনৰ নশ্বৰ দেহ আহি বাসগৃহ আহি পোৱাৰ পাছতে নিঠৰুৱা হৈ পৰা পৰিয়ালটোৰ কথা ভাবি এতিয়া গাঁওখনৰ ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল।

Advertisment
Advertisment