Assameseৰাভা হাছঙৰ বৰদুৱাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা হাজাৰ হাজাৰ লোকৰটকেশ্বৰ ৰাভাৰ বাবেই পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চলত যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে! ১ কঠা ৫ লেচাকৈ ভূমি এটা পৰিয়ালক প্ৰদান কৰাতকৈ মাৰি পেলাবলৈ আহ্বান জনাইছে ৰাভা হাছংবাসীয়ে। Naba Gogoi Nov 28, 2025 16:42 ISTগুৱাহাটী, ২৮ নৱেম্বৰঃ টংকেশ্বৰ ৰাভাৰ বাবেই এতিয়া জ্বলিব নেকি পলাশবাৰীৰ ৰাভা হাছং এলেকা? ১ কঠা ৫ লেচাকৈ ভূমি এটা পৰিয়ালক প্ৰদান কৰাতকৈ মাৰি পেলাবলৈ আহ্বান জনাইছে ৰাভা হাছংবাসীয়ে। ৰাভা হাছংবাসীক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে সাধাৰণ জনতা। ভূমি সম্পৰ্কীয় সভা বুলি ৰাইজক মাতি আনি বিধানসভাৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে কোনে? AdvertismentALSO READ: দুই বন্যহস্তীৰ যুঁজত জাঁপ দি আহত মিজুটকেশ্বৰ ৰাভাৰ বাবেই পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চলত যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে। ৰাভা হাছঙৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে গৰজি আছে হাজাৰ হাজাৰ লোক৷ ১,৫০০ একৰ সেউজীয়া ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছৰে পৰা ৰাভা হাছঙৰ লোকসকলে প্ৰতিবাদত অটল হৈ আছে৷ এইবাৰ ৰাভা হাছংবাসীক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সাধাৰণ জনতা৷ ৰাভা হাছংবাসীক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব! যাৰ বাবে বৰদুৱাৰ বাগানত ইয়াৰ বিৰোধিতাৰে গৰজি আছে হাজাৰ হাজাৰ লোক৷ এই ক্ষেত্ৰত টংকেশ্বৰ ৰাভা সম্পূৰ্ণ নিমাত থকাৰ অভিযোগ। জনতাৰ দাবী 'আমাক এক কঠা পাঁচ লেচা ভূমি প্ৰদান কৰাতকৈ এফালৰ পৰা মাৰি পেলাওক'। ALSO READ: মগনীয়াক দিয়াৰ দৰে দিলে নহ'ব...পূৰ্ণ পৰ্যায়ৰ চাকৰিৰ দাবীৰে অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদনিজৰ মাটি-ভেঁটি হেৰুওৱাৰ ভয়ত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে প্ৰতিবাদী সভা৷ বৰদুৱাৰ বাগান ভূমি পট্টা দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নাগৰিক সভাত ছেটেলাইট টাউনশ্বিপ সম্পূৰ্ণ ৰূপত বাতিল কৰি জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ দাবী তোলে৷ নিজৰ ভেঁটি-মাটি হেৰুওৱাৰ ভয়ত এতিয়া হাহাকাৰ কৰিছে সাধাৰণ জনতাই৷ বৰদুৱাৰ বাগানত তিনিখন ৰাজহ গাঁৱৰ উপৰিও হাজাৰ হাজাৰ লোকে নিজৰ ভেঁটি-মাটিক লৈ শংকিত হৈ পৰিছে৷ যাৰ বাবে হাজাৰ হাজাৰ লোক সমাৱেত হৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি আইন আৰু ৰাজপথ দুয়োটাৰে প্ৰতিবাদ সাব্যস্ত কৰি যিকোনো পৰিস্থিতিৰ মুখামুখি হৈ হ’লেও এই ছেটেলাইট টাউনশ্বিপ হ’বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে।ALSO READ: কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটিএনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে শুকুৰবাৰে পলাশবাৰী বৰদুৱাৰ অঞ্চলত এক সভা অনুষ্ঠিত হয়। অঞ্চলৰ ৰাইজক ১০ বজাৰ পৰা কেৱল বিধানসভাৰ পোনপটীয়া সম্প্ৰচাৰহে দেখাই থাকিল। ধান কাটিবলৈ বাদ দিও নিজৰ ভূমিৰ বাবে কিবা ঘোষণা হ'ব বুলি ৰৈ থাকিল কিন্তু কোনেও একোৱেই নক'লে। পলাশবাৰী সমজিলা আয়ুক্ত আৰু পলাশবাৰী ৰাজহ চক্ৰ বিষয়াই অনুষ্ঠিত কৰা সভাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে লোকসকলে। লগতে তীব্ৰ ক্ষোভ টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে। প্ৰতিবাদী জনতাৰ স্পষ্ট মত এক কঠা পাঁচ লেচাকৈ ভূমি নালাগে যেনেকৈ যি আছে তেনেকৈয়ে ভূমিৰ আধিকাৰ লাগে। কেমেৰাপাৰ্চন ৰিতু কলিতাৰ সৈতে গিৰীন্দ্ৰ কলিতা, মিৰ্জা DY365AdvertismentAdvertisment Read the Next Article