Advertisment

কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটি

'আমি জনজাতি এৰি দিম, আমাক বছৰি ১,০০০ কোটিকৈ দিয়ক'। সংৰক্ষণ ব্যৱস্থাৰ পৰা আঁতৰি আহিব অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল। পৰিৱৰ্তে কৈৱৰ্ত জনগোষ্ঠীক বিশেষ মৰ্যাদা প্ৰদানেৰে বছৰি ১,০০০ কোটি টকাৰ পেকেজ আৱন্টনৰ দাবী সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ।

 কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটি

সংৰক্ষণ ব্যৱস্থাৰ পৰা আঁতৰি আহিব অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল... কিন্তু কিয়?

Advertisment

গুৱাহাটী, ২৮ নৱেম্বৰঃ সংৰক্ষণ ব্যৱস্থাৰ পৰা আঁতৰি আহিব অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল৷ ইয়াৰ পৰিৱৰ্তে কৈৱৰ্ত জনগোষ্ঠীক বিশেষ মৰ্যাদা প্ৰদানেৰে বছৰি ১,০০০ কোটি টকাৰ পেকেজ আৱন্টনৰ দাবী জনাইছে সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনে। ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গীস্থিত জাগৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্মিলনৰ পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত দাসে৷

also read: ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা জাতীয় অভিৱৰ্তনত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত দাসে লগতে কয় যে, আমি অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল সাংবিধানিক গণ্ডীত নাথাকো৷ আমাক বিশেষ মৰ্যাদা লাগিব৷ আমাক সংৰক্ষণৰ ব্যৱস্থা নালাগে৷ সংৰক্ষণ ব্যৱস্থাত থাকি, প্ৰমাণ পত্ৰখন লৈ আমাৰ একো লাভ হোৱা নাই৷ মুষ্টিমেয় কেইজন মন্ত্ৰী-বিধায়কৰহে এই সংৰক্ষণ ব্যৱস্থাটোৰ পৰা উপকৃত হৈছে বুলি অভিযোগ উত্থাপন কৰে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৈৱৰ্ত জনগোষ্ঠীক উন্নয়ন পৰিষদ বা স্বায়ত্তশাসন দিব লাগিব বুলি দাবী কৰে।

also read:ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ

জয়ন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীক ২০২৫ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়৷ সভাত ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ বিষযা দেৱনাৰায়ণ হাজৰিকা, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, উপদেষ্টা বলেন্দ্ৰ দাস, সীমান্ত দাস, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস, উপদেষ্টা পবিত্ৰ হাজৰিকা, কৈৱৰ্ত সন্মিলনীৰ সভাপতি ডম্বৰুধৰ দাস, মুখ্য সাংগঠনিক সম্পাদক ধ্ৰৱ ভড়ালী, সমাজকৰ্মী উন্তীৰাম দাস, লোকবাদ্য শিল্পী জিতেন দাসকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷

Advertisment
Advertisment