Advertisment

দুই বন্যহস্তীৰ যুঁজত জাঁপ দি আহত মিজু

দুই বন্যহস্তীৰ তুমুল যুঁজত গুৰুতৰভাৱে আহত তামুলপুৰৰ এগৰাকী লোক। হাতীৰ যুঁজ ভাঙিবলৈ গৈ কামি হাড় ভাগিল তামুলপুৰ জিলাৰ পাটকীজুলীৰ কালাঝাৰ গাঁৱৰ মিজু বসুমতাৰীৰ।

 দুই বন্যহস্তীৰ যুঁজত জাঁপ দি আহত মিজু

দুই বন্যহস্তীৰ যুঁজত জাঁপ দি আহত মিজু...

গুৱাহাটী, ২৮ নৱেম্বৰঃ দুই বন্যহস্তীৰ তুমুল যুঁজত গুৰুতৰভাৱে আহত তামুলপুৰৰ এগৰাকী লোক। হাতীৰ যুঁজ ভাঙিবলৈ গৈ কামি হাড় ভাগিল তামুলপুৰ জিলাৰ পাটকীজুলীৰ কালাঝাৰ গাঁৱৰ মিজু বসুমতাৰীৰ।

Advertisment

also read: দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনি

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ সমান্তৰালভাৱে আজি পুৱাই দুটা বনৰীয়া হাতীৰ মাজত তয়াময়া যুদ্ধ। জানিব পৰা মতে আজি পুৱাৰ ভাগত পাটকীজুলীৰ কালাঝাৰ গাঁৱত দুটা বনৰীয়া হাতীৰ মাজত তয়াময়া যুঁজ চলি থকাৰ মাজতে গাঁওখনৰ মিজু বসুমতাৰী নামৰ এজন লোকে যুঁজখন ভাঙিবলৈ গৈছিল। এনেতে ৰণচণ্ডী ৰূপত থকা হাতী এটাই লোকজনক ঠিয় গোৰ সোধাই, ফলত লোকজনৰ কামিহাড় ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বর্তমান পাটকীজুলি মিছন হস্পিতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে মিজু বসুমাৰীক।

also read: বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক

দিনৰ পোহৰতে বন্য হস্তীয়ে তহল দিছে এতিয়া এই সমূহ অঞ্চলত। নিশা হ'লেই কেইবাটাও ভাগত বিভক্ত হৈ আতংকৰ সৃষ্টি কৰিছে বন্য হস্তীয়ে। হাতীৰ এনে উপদ্ৰৱৰ ফলত একপ্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে বহু গ্ৰামাঞ্চলৰ জনসাধাৰণৰ। উল্লেখ্য যে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ধাৰাবাহিকভাৱে অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বুধবাৰে হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ বিপৰীতে আজি বৃহস্পতিবাৰে পুনৰ এজন লোক বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

also read: ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ

Advertisment
Advertisment