Assameseমগনীয়াক দিয়াৰ দৰে দিলে নহ'ব...পূৰ্ণ পৰ্যায়ৰ চাকৰিৰ দাবীৰে অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদঅনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা অনা-শিক্ষক কৰ্মচাৰীৰ। চিলাপথাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত অচল বিদ্যালয়। প্রাদেশিকৃত বিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কর্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা দাবী প্ৰতিবাদী শিক্ষকৰ।Naba Gogoi Nov 28, 2025 16:16 ISTঅনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা অনা-শিক্ষক কৰ্মচাৰীৰগুৱাহাটী, ২৮ নৱেম্বৰঃ চিলাপথাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত অচল বিদ্যালয়। অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ। ২০২১ চনত অসম চৰকাৰে ভেঞ্চাৰ স্কুল-কলেজ প্ৰাদেশীকৰণ আইন ২০১৭-১৮ৰ জৰিয়তে মাধ্যমিক বিদ্যালয়সমূহত কর্মৰত মুঠ ১,৩৫৩ জন কর্মচাৰীৰ পদ প্রাদেশীকৰণ কৰে।Advertismentalso read: কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটিকিন্তু চাকৰি দিলেও অসম চৰকাৰে ১৯৪৮ চনৰ শ্রমিক আইন কৰ্মচাৰীৰ ওপৰত জাপি দি Sr. Asstt সকলক ১২,৬০০, Jr. Assttক ১০,৬০০ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ৮,৭০০ মাহেকীয়া দৰমহা প্ৰদান কৰি অতি নিম্নমানৰ মজুৰিৰে কামত নিয়োগ কৰে। বিষয়টোৰ ওপৰত অনা শিক্ষক কৰ্মচাৰী সন্থাই হাজাৰ অনুনয় বিনয় কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই। বৰঞ্চ কৰ্মচাৰীৰ মূৰত মাধমাৰ সোধাই শেহতীয়া বিধানসভাৰ অধিৱেশনত বছৰি মাত্ৰা ৬ শতাংশ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লৈছে বুলি সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।also read: আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, JEত মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইনৰাজ্য চৰকাৰৰ উক্ত সিদ্ধান্তক ঘোৰ আপত্তি দৰ্শাই আদিৰে পৰা অনা-শিক্ষক কৰ্মচাৰীসকলে সমগ্ৰ অসমৰ লগতে চিলাপথাৰতো আৰম্ভ কৰিলে অনিৰ্দিষ্ট কৰ্ম বিৰতি। অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ত তলা বন্ধ কৰাৰ লগতে সদ্য গৃহীত ৰাজ্য চৰকাৰৰ উক্ত আইনখন দাহ কাৰ্যসূচী হাতত লৈ চৰকাৰক আইন সংশোধনী কৰিবলৈ দাবী জনায়। মগনীয়াক দলিয়াই দিয়াৰ দৰে ৬ শতাংশ বর্দ্ধিত মাননীৰ পৰিবৰ্তে প্রাদেশিকৃত বিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কর্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা দাবী উত্থাপন কৰে।AdvertismentAdvertisment Read the Next Article