Assameseঅপেক্ষাৰ অৱসান। পলমকৈ হ'লেও মিজোৰামৰ আলোকৰ যাত্ৰা। স্বাধীনতাৰ ৭৯ বছৰৰ পিছত মিজোৰামে পাব ৰে'ল সংযোগ!অন্ধকাৰৰ পৰা যেন পলমকৈ হ'লেও আলোকৰ যাত্ৰা মিজোৰামৰ। অৱশেষত মিজোৰামে পাব ৰে'ল সংযোগ। শনিবাৰে উত্তৰ-পূবৰ অন্যতম ৰাজ্য মিজোৰামৰ প্ৰথমখন ৰে’লৰ ফ্লেগ অফ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।Naba Gogoi Sep 11, 2025 19:10 ISTস্বাধীনতাৰ ৭৯ বছৰৰ পিছত মিজোৰামে পাব ৰে'ল সংযোগ! Photograph: (INTERNET)মিজোৰামক ৰে'ল সেয়া প্ৰদান কৰোতে ৭৯ বছৰ লাগিল কিয়? চৰকাৰ আহিল চৰকাৰ গ'ল। দেশ স্বাধীন হোৱাৰ ৭৯ বছৰ হ'ল। কিন্তু ৭৯ বছৰে মিজোৰামে নাপালে ৰে'লৰ সুবিধা। উত্তৰ-পূবে নাপালে বিগত ৭৯ বছৰে পাবলগীয়া যাৱতীয় সুবিধা। আচৰিত লাগিলেও এয়াই সত্য যে মিজোৰামত আজিকোপতি নাই ৰে'ল সংযোগ। যি সময়ত দেশৰ ৰাজধানী দিল্লী বা মুম্বাই দৰে চহৰত চলিছে বিদ্যুতৰ গতিৰে বন্দে ভাৰত চলিছে সেই সময়ত আজিৰ সময়তে উত্তৰ-পূবৰ এখন বিশেষ ৰাজ্য মিজোৰামবাসীয়ে পোৱা নাই ৰে'লেৰে যাত্ৰা কৰাৰ সুবিধা। মূলত পিছপৰা পৰা পিছপৰিয়ে থাকিল উত্তৰ-পূবৰ মিজোৰামৰ লগতে আন আন ৰাজ্য। Advertismentকিন্তু অপেক্ষাৰ অৱসান। অন্ধকাৰৰ পৰা যেন পলমকৈ হ'লেও আলোকৰ যাত্ৰা মিজোৰামৰ। অৱশেষত মিজোৰামে পাব ৰে'ল সংযোগ। শনিবাৰে উত্তৰ-পূবৰ অন্যতম ৰাজ্য মিজোৰামৰ প্ৰথমখন ৰে’লৰ ফ্লেগ অফ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘণ্টাত গড়ে ৫৭.৮১ কিলোমিটাৰ গতিৰে গৈ ৪৩ ঘণ্টা ২৫ মিনিটত ২,৫১০ কিলোমিটাৰ অতিক্ৰম কৰিব ৰাজধানী দিল্লী আৰু মিজোৰামক সংযোগ কৰা ৰে’লখনে। মিজোৰামৰ ৰাজধানী আইজলৰ ছাইৰাং ষ্টেচনক দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ সৈতে সংযোগ কৰা প্ৰথমখন ৰে'ল শনিবাৰে মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ উপৰিও ৰাজধানী এক্সপ্ৰেছৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অতিৰিক্ত আৰু দুখন ৰে’লৰ ফ্লেগ অফ কৰিব। যি দুখন ৰে'লে সংযোগ কৰিব ছাইৰাং-গুৱাহাটী আৰু ছাইৰাং-কলকাতাক। ছাইৰাং-গুৱাহাটী সংযোগী ৰে'লখন চলিব দৈনিক আৰু ছাইৰাং-কলকাতাৰ মাজত সপ্তাহত তিনিদিনৰ বাবে চলিব ৰে’লখন। ইফালে বৈৰৱীৰ পৰা চাইৰাংলৈ ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰডগেজ লাইন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে মিজোৰামৰ ৰাজধানী আইজললৈ পোনপটীয়া ৰে’ল লাইনৰ সংযোগ লাভ কৰা উত্তৰ-পূবৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হ'ব মিজোৰাম। যদিও ১৩ ছেপ্তেম্বৰত মিজোৰামত ৰেলৰ শুভাৰম্ভ হব তথাপি ২০৫৯৭ নম্বৰৰ ৰে’লখনৰ নিয়মীয়া সেৱা অহা ১৯ ছেপ্টেম্বৰৰ বিয়লি ৪:৩০ বজাৰ পৰাহে চাইৰাঙৰ পৰা আৰম্ভ হ’ব। উল্লেখ্য যে মিজোৰামত প্ৰথমবাৰৰ বাবে ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত বৈৰাবি-ছৈৰাং ৰে'ল লাইন এবাৰ উদ্বোধন কৰা হৈছিল যদিও সেয়া বাস্তৱত হৈ নুঠিল। ইয়াৰ অন্তৰালত বতৰৰ বিধিপথালি, পাহাৰীয়া ৰাজ্যখনত ধাৰাবাহিকভাৱে হোৱা ভূমিস্খলনৰ ইত্যাদি ভিন্ন প্ৰত্যাহ্বানৰ বাবে সেয়া কাৰ্যত হৈ নুঠাত আজি পৰ্যন্ত ৰে'লৰ সুবিধা নাপালে মিজোৰামৰ জনতাই। কিন্তু বছৰ বছৰৰ অপেক্ষাৰ অন্তত মিজোৰাম আৰু দিল্লী সংযোগী ৰে'ল পথে আনিব আশাৰ বতৰা। Read the Next Article