Advertisment

মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ

ডিব্ৰুগড় লোহাৰপট্টিত অবৈধ ভাবে নিৰ্মান কৰা এটা অট্টালিকাৰ পঞ্চম মহলাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। কৰুণ মৃত্যুক আঁকোৱালি লোৱা মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ। 

 Filephoto
Filephoto


মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ

ডিব্ৰুগড় লোহাৰপট্টিত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। অবৈধ ভাবে নিৰ্মান কৰা এটা অট্টালিকাৰ পঞ্চম মহলাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। কৰুণ মৃত্যুক আঁকোৱালি লোৱা ছালমাৰ বেগম চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অট্টালিকাটোৰ স্বত্বাধিকাৰী ইউনুজ খানে। যাক লৈ আজি মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ। 

Advertisment

Read More- দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

ডিব্ৰুগড় লোহাৰপট্টিত সংঘটিত শোকাৱহ ঘটনাক লৈ আৰম্ভ হৈছে প্ৰতিবাদ। মৃত মাতৃৰ ফটো হাতত লৈ কান্দি কান্দি অনশনত বহিল তিনি পুত্ৰ। ইফালে ভয়ংকৰ দূৰ্ঘটনাত পতিত ছালমা বেগমৰ চিকিৎসা আৰু পৰিয়ালক কোনো ক্ষতিপূৰণ নিদিলে অট্টালিকাৰ স্বত্বাধিকাৰী ইউনুজ খানে। যাক লৈ অসন্তষ্টি প্ৰকাশ কৰিছে মৃত চালমা বেগমৰ পৰিয়াল আৰু স্থানীয় ৰাইজে।     

Read More- বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ

অভিযোগ অনুসৰি ডিব্ৰুগড় নগৰৰ লোহাৰ পট্টিত অবৈধ ভাৱে নিৰ্মান কৰি থকা এটা অট্টালিকাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী প্ৰতিবেশী মহিলাৰ। মহিলা গৰাকীয়ে নিজৰ ঘৰতেই টিউবেলৰ পাৰত বাচন মাজি আছিল। তেনে সময়তে ছালমা বেগমৰ শৰীৰত খহি পৰিছিল অট্টালিকাটো দেৱাল। লগে লগে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল ছালমা বেগমে।  

Read More- নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে?

ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে অট্টালিকাতো ভাঙি দিয়াৰ জাননী জাৰি কৰিছিল ডিব্ৰুগড় পৌৰ নিগমে। কাৰণ মাত্র ১২-১৩ ফুট বহল ভূমিত কোনো নথিপত্ৰ নথকাকৈ ৫ মহলা ওপৰলৈ সজা হৈছিল গৃহটো। ডিব্ৰুগড় পৌৰ নিগমৰ জাননীৰ পিছতেই অট্টালিকাটো ভঙাৰ কাম আৰম্ভ হৈছে যদিও ভঙা কামটো অতি লেহেমীয়া হোৱাক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে চালমা বেগমৰ পৰিয়াল। যাৰ বাবে এতিয়া মৃত মাতৃৰ ফটো হাতত লৈ কান্দি কান্দি ন্যায় বিচাৰিছে চালমা বেগমৰ তিনি পুত্ৰই। 

Read More- মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান

Advertisment
Advertisment