Advertisment

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা!

ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। লাহৰিজান আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত জব্দ বৃহৎ পৰিমাণৰ বৰবিহ। গ্ৰেপ্তাৰ সৰবৰাহকাৰীক।

 কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী Photograph: (DY365)
কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী Photograph: (DY365)

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা!


কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

ৰাজ্যত কমা নাই ড্ৰাগছ আসক্ত বা ড্ৰাগছ সেৱন কৰা লোকৰ সংখ্যা। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ পিছতো যেন সেই অভিযানে কাম দিয়া নাই! ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলা অভিযানত বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানৰ সময়ত বহু সৰবৰাহকাৰীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ বাতৰি পোহৰলৈ আহিছে। তাৰ পিছতো একাংশ ড্ৰাগছ মাফিয়াই  আৰক্ষীৰ চকুত ধূলি দি বৰ্তমানেও চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী-প্ৰশাসনৰ অভিযানক কেৰেপ নকৰি ড্ৰাগছ মাফিয়াই ৰাজ্যত চলাই আছে বৰবিহৰ অবাধ বেহা।

Advertisment

Also Read: ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি

ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। লাহৰিজান আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত জব্দ বৃহৎ পৰিমাণৰ বৰবিহ। 

Also Read: কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল

ডিমাপুৰ দিশৰ পৰা ডিলাই অভিমুখে আহি থকা অৱস্থাত এখন ছুইফট বাহনত লাহৰিজান আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ১.৫০০ কেজি মৰফিন। মৰফিনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক। মহম্মদ হাৰুন আৰু মহম্মদ ফিৰোজ নামৰ মণিপুৰৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। AS 01 BA 8774 নম্বৰৰ ছুইফট বাহনখনৰ অতিৰিক্ত টায়াৰত ড্ৰাগছখিনি সোমোৱাই লৈ আনিছিল সৰবৰাৰহকাৰীকেইটাই। জব্দ কৰা মৰফিনৰ মূল্য প্ৰায় ১.৫ কোটি টকা। 

Also Read: দয়া নাই... এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ, চামগুৰিৰ ভকত গাঁৱত উচ্ছেদ অব্যাহত

ইফালে, মণিপুৰৰ পৰা গুৱাহাটী যোৱাৰ পথত AS 01 GC 0751 নম্বৰৰ এখন নৈশ বাছৰ পৰা লাহৰিজান আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১ কেজি কানি। কানিসহ মহম্মদ তামিজুৰ ৰহমান নামৰ এটা মণিপুৰৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জব্দ কৰা কানিখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা।  

Advertisment
Advertisment