Assameseকোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউলহাজাৰ হাজাৰ বস্তাৰ চৰকাৰী বিনামূলীয়া চাউল চুৰি! বিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধ্যান হ'ল ২৬,৮০০ চাউলৰ বেগ।Naba Gogoi Dec 05, 2025 12:21 ISTবিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি...ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালত চুৰি কাণ্ড! কোনে লুটিলে হাজাৰ হাজাৰ বস্তাৰ চাউল...? Advertismentগুৱাহাটী, ০৫ ডিচেম্বৰঃ এইবাৰ ভাৰতীয় খাদ্য নিগমত সংঘটিত হৈছে বৃহৎ কেলেংকাৰি। ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধান হ'ল ২৬,৮০০ বেগ চাউল। যি ঘটনাই এতিয়া জোকাৰণি তুলিছে ভাৰতীয় খাদ্য নিগমৰ ভিতৰ চ'ৰাত। এই ঘটনা সংঘটিত হৈছে ধেমাজীৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালত। খাদ্য নিগমৰ লখিমপুৰস্থিত সংমণ্ডল কাৰ্য্যালয়ৰ পৰা নিয়ন্ত্ৰণ হয় লখিমপুৰ-ধেমাজিৰ খাদ্য নিগমৰ কাম-কাজ। also read: 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদশেহতীয়াকৈ সংমণ্ডল কাৰ্য্যালয়ৰ পৰীক্ষণত ধৰা পৰিছে এই বৃহৎ জালিয়াতি। বৃহৎ কেলেংকাৰিৰ পিছৰে পৰা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিভাগটোৰ ভিতৰ চ'ৰাত। কিয় আৰু কেনেদৰে গুদামৰ পৰায়েই নাইকিয়া হ'ল ২৬ হাজাৰ ৮০০ বস্তা সুলভ মূল্যৰ চাউল, এই ঘটনাক লৈ চৰ্চা চলিছে বিভাগটোৰ ভিতৰ চ'ৰাত। লখিমপুৰৰ ভাৰতীয় খাদ্য নিগমে কৰা হিচাপত পোহৰলৈ আহিছে চাউল হৰলুকীৰ তথ্য। ধেমাজিৰ গুদামৰ নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ৰাকেশ দাস নামৰ এজন কৰ্মচাৰী। also read: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?ঘটনা পোহৰলৈ অহাৰ পিছতেই দ্ৰুতগতিৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। প্ৰাথমিক তদন্তৰ পিছতেই ধেমাজিৰ ভঁৰালৰ দায়িত্বত থকা ৰাকেশ দাসসহ ৫জন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। লখিমপুৰস্থিত কাৰ্য্যালয়ে তদন্ত অব্যাহত ৰখাৰ উপৰিও অব্যাহত আছে শীৰ্ষ পৰ্য্যায়ৰ তদন্তও। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ সকলো ফাইল জব্দ কৰি তদন্ত চলাইছে ভাৰতীয় খাদ্য নিগমৰ বিষয়াই। AdvertismentAdvertisment Read the Next Article