Advertisment

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অপ্ৰতিৰোধ্য বিৰাট কোহলী। দ্বিতীয়খন এদিনীয়াতো বিৰাট কোহলীৰ বেটেৰে আহিল বিস্ফোৰক শতক। এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতকেৰে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ডো ভংগ কৰে বিৰাটে। 

 Filephoto
Filephoto

অপ্ৰতিৰোধ্য বিৰাট
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?

Advertisment

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অপ্ৰতিৰোধ্য বিৰাট কোহলী। দ্বিতীয়খন এদিনীয়াতো বিৰাট কোহলীৰ বেটেৰে আহিল বিস্ফোৰক শতক। এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতকেৰে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ডো ভংগ কৰে বিৰাটে। 

Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

বিৰাট কোহলী, ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড়। শেহতীয়াকৈ বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে বিৰাটে। ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত শতক অৰ্জনৰ পাছত ৰায়পুৰত অনুষ্ঠিত দ্বিতীয় এদিনীয়াতো বিৰাটৰ বেটেৰে আহিল বিস্ফোৰক শতৰান। 

Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ ভৱিষ্যতক লৈ একাংশই চৰ্চা কৰিছিল। কিন্তু জল্পনা-কল্পনাৰ মাজতেই ২২ গজত নিজৰ প্ৰদৰ্শনেৰে যোগ্য প্ৰত্যুত্তৰ দিলে বিৰাটে। প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় তথা অন্তিমখন এদিনীয়াত অপৰাজিত অৰ্ধশতক আৰু এতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো শতক। 

Read More- ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড।

বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈ একাংশই চৰ্চা কৰিছে। কিন্তু জল্পনা-কল্পনাৰ মাজতেই ২২ গজত নিজৰ প্ৰদৰ্শনেৰে যোগ্য প্ৰত্যুত্তৰ দিছে বিৰাটে। প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত অৰ্ধশতক আৰু এতিয়া ৰবিবাৰৰ পৰা আৰম্ভ হোৱা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত বিৰাট কোহলীৰ বেটেৰে আহিছিল ১৩৫ ৰানৰ বিস্ফোৰক শতকীয় ইনিংছ। তাৰ পাছতেই কালি ৰায়পুৰতো বিৰাটৰ বেটেৰে আহিল আন এক শতকীয় ইনিংছ। বিস্ফোৰক শতকীয় ইনিংছেৰে বিৰাটে অৰ্জন কৰিলে এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক আৰু আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৮৪ সংখ্যক শতক। ৰাঁছীৰ এদিনীয়াতে কোহলীয়ে ভংগ কৰিছিল শচীন তেণ্ডুলকাৰৰ এটা ফৰ্মেটত থকা সৰ্বাধিক শতকৰ অভিলেখ। এদিনীয়া কেৰিয়াৰৰ ৫২ সংখ্যক শতকেৰে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ টেষ্ট ক্ৰিকেটত থকা ৫১টা শতকৰ অভিলেখ ভংগ কৰিছিল বিৰাটে। 

Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

আনহাতে কালি ৰায়পুৰৰ এদিনীয়াত শতকৰ অৰ্জনৰ জৰিয়তে শচীন তেণ্ডুলকাৰৰ আন এটা ৰেকৰ্ড ভংগ কৰে বিৰাটে। এদিনীয়া ক্ৰিকেটত অ’পেনাৰ হিচাপে শচীন তেণ্ডুলকাৰে অৰ্জন কৰিছিল ৪৫টা  শতক। উল্লেখ্য যে ক্ৰিকেটৰ যিকোনো ফৰ্মেটত নিৰ্দিষ্ট এটা স্থানত বেটিং কৰি শচীন টেণ্ডুলকাৰে অৰ্জন কৰা ৪৫টা শতক আছিল এক অভিলেখ। কালি ৰায়পুৰত ৩ নম্বৰ স্থানত বেটিং কৰি ৩ নম্বৰ স্থানতেই ৪৬টা শতক অৰ্জন কৰি তেণ্ডুলকাৰৰ এই অভিলেখো ভংগ কৰে বিৰাটে। 

Advertisment
Advertisment