Assameseৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা। দৈনিক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে ৰাজ্যত চলি আছে ড্ৰাগছৰ অবাধ বেহা। আৰক্ষীৰ অভিযানত ২৪ ঘণ্টাত ৰাজ্যৰ ৬টা স্থানত জব্দ বৃহত্ পৰিমাণৰ ড্ৰাগছ।Jyotiprasad Sarma Nov 22, 2025 20:43 ISTৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহা Photograph: (DY365)ৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহা২৪ ঘণ্টাত ৬টা স্থানত জব্দ বৃহত্ পৰিমাণৰ ড্ৰাগছৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা। দৈনিক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে ৰাজ্যত চলি আছে ড্ৰাগছৰ অবাধ বেহা। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আহিছে সিমানেই যেন অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈয়ে আছে মাৰাত্মক বৰবিহৰ। Advertismentআৰক্ষীৰ অভিযানত ২৪ ঘণ্টাত ৰাজ্যৰ ৬টা স্থানত জব্দ বৃহত্ পৰিমাণৰ ড্ৰাগছ। শোণিতপুৰ, ডিগবৈ, শ্ৰীভূমি, কাছাৰ, মাজবাট আৰু মানকাচৰৰ পৰা জব্দ বহু পৰিমাণৰ বৰবিহ। Also Read: যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতেনিতৌ ৰাজ্যত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিছতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে বৃহত্ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী।অবৈধ ড্ৰাগছৰ ঘাটিত পৰিণত কাছাৰ। ড্ৰাগছ বিৰোধী অভিযানত প্ৰতিদিনে কাছাৰৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু নিচাজাতীয় সামগ্ৰী। কাছাৰত বুজন পৰিমাণৰ হেৰ’ইনসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ বালাচৰা টোলগেটত এখন বলেৰ' বাহনত অভিযান চলাই আৰক্ষীয়ে ৬টা চাবোনৰ বাকচত প্ৰায় ৭৩ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে৷ বাহাৰুল ইছলাম নামৰ এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জব্দ কৰা বৰবিহখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি জানিব পৰা গৈছে।Also Read: ১,৩০০ যুৱকে হাতত হেংদাং লৈ দিলে জয় আই অসম ধ্বনিশ্ৰীভূমিত আৰক্ষীৰ তালাচীত জব্দ লক্ষাধিক টকাৰ য়াবা টেবলেট। এখন স্কুটীৰ পৰা ৮০৮ গ্ৰাম য়াবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ তালাচী অভিযান দেখি স্কুটী এৰি পলায়ন কৰে সৰবৰাহকাৰী। সৰবৰাহকাৰীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। দক্ষিণ শালমাৰা মানকাচৰৰ নান্দিয়াত দহ হাজাৰতকৈ অধিক নিচাজাতীয় য়াবা টেবলেটসহ এটা সৰবৰাহকাৰী আৰক্ষীৰ জালত। নিশা কালাপানী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান। আৰক্ষীয়ে আটক কৰে বৰছা মোল্লা নামৰ এটা সৰবৰাহকাৰীক। Also Read: ৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰইফালে শোণিতপুৰৰ লখৰাত ব্ৰাউন ছুগাৰসহ যুৱতী আৰক্ষীৰ জালত। লখৰাৰ নিউ লাৱৰঘাড়ীত মহিলা সৰবৰাহকাৰীসহ ব্ৰাউনছুগাৰ, নগদধনসহ এটা মোবাইল ফোন জব্দ কৰে চাৰিদুৱাৰ আৰক্ষীয়ে। জব্দ কৰা ব্ৰাউনছুগাৰখিনিৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। ডিগবৈৰ মাৰিজুৱানাৰ ঘাটিত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৭৫০ গ্ৰাম গাঞ্জা। এগৰাকী মহিলাই এখন পাণ দোকানত এই ব্যৱসায় বহু দিনৰ পৰা চলাই অহাৰ অভিযোগ। সম্প্ৰতি পলাতক অৱস্থাত মহিলাগাৰকী।Also Read: ফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ!আনহাতে অবৈধ গাঞ্জা সৰবৰাহৰ কৰিডৰত পৰিণত ওদালগুৰিৰ মাজবাটৰ অৰুণাচল সীমান্ত। মাজবাট আৰক্ষী আৰু এছ এছ বিৰ যুটীয়া অভিযানত ১১০ কেজি নিষিদ্ধ গাঞ্জা জব্দ। মাজবাট থানা এলেকাৰ নিজৰাৰ চুদেমপুৰী গাঁৱৰ পৰা জব্দ গাঞ্জাখিনি। অৰুণাচলৰ পৰা গাঞ্জাখিনি আনি থকা অৱস্থাত থাজিম বসুমতাৰী নামৰ এটা সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১১ লাখ টকা। ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে 62 /25 নম্বৰত গোচৰ ৰুজুকৰি অব্যাহত ৰাখিছে তদন্ত।AdvertismentAdvertisment Read the Next Article