Assameseফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ!কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।Mrinmoy Talukdar Nov 21, 2025 18:11 ISTFilephotoফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ!কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।Advertismentপ্ৰেচক্ৰিপশ্যন অবিহনে এতিয়াৰে পৰা আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কফ চিৰাপ সেৱনৰ ফলত কেইবাটাও শিশুৰ মৃত্যুৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল। তাৰ পাছতেই এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই নতুন নিয়ম প্ৰণয়ন কৰিব। এই নিয়ম কাৰ্যকৰী হ’লে চিকিৎসকৰ প্ৰেচক্ৰিপশ্যন অবিহনে কফ চিৰাপ ফাৰ্মাচীত উপলব্ধ নহ’ব। অৰ্থাত কফ চিৰাপ ক্ৰয় কৰিবলৈ চিকিৎসকৰ প্ৰেচক্ৰিপশ্যনৰ প্ৰয়োজন হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে ড্ৰাগ এডভাইজাৰী কমিটীৰ প্ৰতিবেদন পুনৰীক্ষণ কৰি আছে আৰু এই প্ৰস্তাৱত সালসলনি কৰি কফ চিৰাপৰ সন্দৰ্ভত নতুন নিয়ম প্ৰণয়ন কৰিব পাৰে।জানিব পৰা মতে ড্ৰাগ এডভাইজাৰী কমিটীয়ে প্ৰস্তাৱ দিছে যে চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিক্ৰী কৰিব পৰা ঔষধৰ তালিকাৰ পৰা কফ চিৰাপ অতি সোনকালে আঁতৰাই পেলোৱা হ’ব ! প্ৰতিবেদনত কোৱা হৈছে যে শেহতীয়াকৈ কফ চিৰাপৰ সৈতে জড়িত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিক্ৰীৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ। বৰ্তমান কফ চিৰাপ সূচী Kত তালিকাভুক্ত কৰা হৈছে, যিটো কম বিপদজনক ঔষধ বুলি গণ্য কৰা হয়। গতিকে অনুজ্ঞাপত্ৰ অবিহনে এনে ঔষধ বিক্ৰী কৰিব পাৰি। কিন্তু এই নিয়ম প্ৰণয়ন হলে কফ চিৰাপ ক্ৰয় কৰিবলৈ অধিক কঠোৰ নিয়ম মানি চলিব লাগিব।AdvertismentAdvertisment Read the Next Article