Assameseমহানগৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহমহানগৰীত সংঘটিত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ, শিহৰণকাৰী ঘটনা। গুৱাহাটীৰ হাতীগাঁৱত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি। বৃহস্পতিবাৰে নিশা হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। লখিমীনগৰৰ ১২ নং ঘৰত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো।Jyotiprasad Sarma Oct 25, 2025 14:08 ISTমহানগৰীত নগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ Photograph: (DY365)মহানগৰীত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতিলখিমী নগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী! ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই কঁপাই তুলিছে সমগ্ৰ মহানগৰবাসীক। স্মাৰ্ট মহানগৰীত এতিয়া যেন কোনো সুৰক্ষিত নহয়! Advertismentমহানগৰীত সংঘটিত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ, শিহৰণকাৰী ঘটনা। গুৱাহাটীৰ হাতীগাঁৱত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি। বৃহস্পতিবাৰে নিশা হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। লখিমীনগৰৰ ১২ নং ঘৰত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো।Also Read: কাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰ উৎখাত ঘটনা অনুসৰি হাতীগাঁৱৰ লখিমীনগৰৰ উক্ত ঘৰটোত ডেৰ মাহ পূৰ্বে ভাৰাতীয়া হিচাপে সোমাইছিল এহাল যুৱক-যুৱতী। নিজকে বিবাহিত বুলি পৰিচয় দি লিভ ইন ৰিলেশ্বনশ্বিপত আছিল দুয়ো। যুৱকজন গুৱাহাটীৰে ভেটাপাৰাৰ ৰোহন কাশ্যপ ওৰফে নয়ন দাস। এসপ্তাহ পূৰ্বে ৰোহন কাশ্যপৰ প্ৰেয়সী গৈছিল বকোৰ গাঁৱৰ ঘৰলৈ।Also Read: দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য প্ৰেমিকা নথকাৰ সুযোগত লম্পট প্ৰেমিক ৰোহন কাশ্যপ ওৰফে নয়ন দাসে ভাড়াঘৰটোলৈ আনে অন্য এগৰাকী যুৱতী। শুকুৰবাৰে নিশা ৰোহনৰ প্ৰেমিকা বকোৰ ঘৰৰ পৰা ভাড়াঘৰলৈ ওভতি আহে। ভাৰাঘৰত প্ৰেমিকা প্ৰৱেশ কৰিয়েই প্ৰত্যক্ষ কৰে অন্য এগৰাকী যুৱতীৰ মৃতদেহ। বিছনাত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱতীগৰাকীৰ মৃতদেহটো। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-ফৰেনছিক আৰু CIDৰ দল। আৰক্ষীয়ে মৃতদেহটোৰ কাষত উদ্ধাৰ কৰে নগদ ডেৰ লাখ টকাৰ ওপৰি ড্ৰাগছসহ বহু আপত্তিজনক সা-সামগ্ৰী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। Also Read: এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰইফালে সম্প্ৰতি পলাতক অৱস্থাত প্ৰেমিক ৰোহন কাশ্যপ ওৰফে নয়ন দাস। উল্লেখ যে, ৰোহন কাশ্যপ ওৰফে নয়ন দাস পূৰ্বে বিবাহিত আৰু তেওঁৰ আছে এটি কন্যা সন্তানো। সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৰোহন কাশ্যপৰ প্ৰেমিকাক। হাতীগাঁৱৰ লখিমীনগৰত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনে কি কাৰণত যুৱতীগৰাকীৰ জীৱন শেষ কৰিলে? ভাৰাতীয়া হিচাপে থকা যুৱক ৰোহন কাশ্যপ ওৰফে নয়ন দাসেই নিঃশেষ কৰিলে নেকি অচিনাক্ত যুৱতীগৰাকীক?AdvertismentAdvertisment Read the Next Article