Advertisment

চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা! আৰক্ষীৰ জালত কুলাংগাৰ পুত্ৰ

এক ভয়ংকৰ ঘটনা। পাষণ্ড, কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। এতিয়া প্ৰশ্ন হৈছে- কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ?

 Filephoto
Filephoto

চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা! আৰক্ষীৰ জালত কুলাংগাৰ পুত্ৰ 

এক ভয়ংকৰ ঘটনা। পাষণ্ড, কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। এতিয়া প্ৰশ্ন হৈছে- কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ?

Advertisment

ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা। যি ঘটনাই কঁপাই হৈছে সমগ্ৰ শ্ৰীভূমি। পাষণ্ড পুত্ৰৰ প্ৰহাৰত চিকিৎসালয়ৰ ভিতৰতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে ৰাজকুমাৰী চিনহা নামৰ ৬০ বছৰীয়া এগৰাকী মহিলাই।  

ঘটনা অনুসৰি ৰাজকুমাৰী চিনহা নামৰ মহিলাগৰাকীয়ে জ্বৰত ভোগা বাবে কালি ভৰ্তি হৈছিল শ্ৰীভূমিৰ অসামৰিক চিকিৎসালয়ত। আজি মহিলাগৰাকীয়ে কিছু পৰিমানে সুস্থ হৈ উঠাত ঘৰত যাবলৈ চিকিৎসকৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু তাৰ কিছু সময়ৰ পাছতে কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসক আহি দেখে যে মহিলাগৰাকীৰ মৃত্যু হৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল- জ্বৰৰ পৰা সুস্থ হৈ উঠা এগৰাকী মহিলাৰ আকস্মিকভাৱে মৃত্যু কেনেকৈ হ'ল?

মহিলাগৰাকীৰ আকস্মিক মৃত্যুৰ পাছত চিকিৎসালয় কতৃপক্ষই তদন্ত আৰম্ভ কৰিলে। নাৰ্ছে তদন্ত কৰি গম পালে যে মহিলাগৰাকীক পুৱাৰ ভাগতে তেওৰে পাষণ্ড, কুলাংগাৰ পুত্ৰ সঞ্জীৱ চিনহাই চিকিৎসালয়ৰ ভিতৰতে প্ৰচণ্ড মাৰপিট কৰিছিল। ইয়াৰ কিছু সময় পাছতে মহিলাগৰাকী বিছনাৰ পৰা বাগৰি পৰে আৰু আকস্মিক মৃত্যুক আঁকোৱালি লয়। মহিলাগৰাকীৰ মৃত্যুৰ পাছত চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীক খবৰ দিয়ে। চিকিৎসালয়ত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰি মাতৃক হত্যাৰ অভিযোগত পুত্ৰ সঞ্জীৱ চিনহাক আটক কৰি থানালৈ লৈ যায়। 

কিমান নিষ্ঠুৰ, নিৰ্দয় হ'ব পাৰে সঞ্জীৱ চিনহাৰ দৰে পুত্ৰবোৰ, যিয়ে নিজৰ জন্মদাত্ৰী মাতৃক উপৰ্যুপৰি প্ৰহাৰ কৰি মাতৃৰ সৈতে হত্যাৰ দৰে ভয়ংকৰ কাণ্ড কৰিব পাৰে। কুলাংগাৰ পুত্ৰ সঞ্জীৱ চিনহাৰ এই কাৰ্যই কঁপাই তুলিছে সমগ্ৰ শ্ৰীভূমি অঞ্চলক।