Assameseকাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰ উৎখাতকাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰে আৰক্ষীয়ে৷ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ডাঃ জয়ন্ত প্ৰসাদ দাসক। Jyotiprasad Sarma Oct 24, 2025 13:24 ISTভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰ উৎখাত Photograph: (DY365)ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰ উৎখাতকাছাৰত আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড ডাঃ জয়ন্ত প্ৰসাদ দাসকাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰে আৰক্ষীয়ে৷ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ডাঃ জয়ন্ত প্ৰসাদ দাসক। ডাঃ জয়ন্ত প্ৰসাদ দাসে ভুৱা প্ৰতিষ্ঠান খুলি টকাৰ বিনিময়ত বিক্ৰী কৰি আহিছিল MBBS ডিগ্ৰী৷ AdvertismentAlso Read: মমৰ আলী বোলে বাংলাদেশী নহয়! বিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈবৃহস্পতিবাৰে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিলচৰৰ ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা চক্ৰৰ এই মূল মাষ্টাৰমাইণ্ড ডাঃ জয়ন্ত প্ৰসাদ দাসক। ধৃত ডাঃ জয়ন্ত প্ৰসাদ দাস শিলচৰ মৌচুমী হাস্পতালৰ স্বত্তাধিকাৰী৷ কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ঘটনা সন্দৰ্ভত উল্লেখ কৰে যে, কাছাৰত এতিয়ালৈ ১৩জনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ভুৱা চিকিৎসকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তথ্য লাভ কৰিছিল যে, ইয়াৰ আঁৰত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ। যি চক্ৰই মোটা অংকৰ ধনৰ বিনিময়ত ভুৱা MBBSসহ বিভিন্ন চাৰ্টিফিকেট প্ৰস্তুত কৰি দিয়ে। আৰু এই ভুৱা চাৰ্টিফিকেটেৰে ভুৱা চিকিৎসক সকলে দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল। এই চক্ৰৰ মূল মাষ্টাৰমাইণ্ড আছিল শিলচৰ মৌচুমী হাস্পতালৰ মালিক ডাঃ জয়ন্ত প্ৰসাদ দাস। লগতে তেওঁ কয় যে, ডাঃ জয়ন্ত প্ৰসাদ দাসে নেচনেল ইনষ্টিটিউট অব মেডিকেল ছায়েন্স নামৰ এটা অবৈধ প্ৰতিষ্ঠান খুলি বৃহৎ পৰিমাণৰ টকা লৈ ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ বিক্ৰী কৰিছিল। এই ভুৱা চাৰ্টিফিকেটেৰে বহুতো লোকে কাছাৰত বেচৰকাৰী হাস্পতাল আৰু চেম্বাৰ খুলি ৰোগী চোৱাচিতা কৰি আহিছিল। এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৩জন ভুৱা চিকিৎসকৰ বহুতেই ডাঃ জয়ন্ত প্ৰসাদ দাসৰ পৰা টকা দি ভুৱা চাৰ্টিফিকেট লৈছিল বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই উল্লেখ কৰে। Also Read: দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্যলগতে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয় যে, ডাঃ জয়ন্ত প্ৰসাদ দাসৰ ডিগ্ৰীও সন্দেহজনক। ডাঃ জয়ন্ত প্ৰসাদ দাসৰ চিকিত্সা শাস্ত্ৰৰ ডিগ্ৰী ভাৰতৰ নহয়। অৰ্থাৎ ভাৰতবৰ্ষৰ কোনো স্বীকৃত মেডিকেল প্ৰতিষ্ঠানৰ ডিগ্ৰী নহয়। ধৃত জয়ন্ত প্ৰসাদ দাসে শিলচৰ আৰু কাছাৰত চলাই আছে স্পা চেণ্টাৰ। চিকিত্সক দাসৰ স্পা চেণ্টাৰত অনৈতিক কাৰ্য চলি থকাৰো ভয়ংকৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।Also Read: জুবিন আৰু এটা হাইঠা চৰাইৰ কাহিনী...AdvertismentAdvertisment Read the Next Article