Advertisment

চিকিৎসাৰ নামত ব্যৱসায়। ভুৱা চাৰ্টিফিকেট লৈ ১৫বছৰে ৰোগীক প্ৰতাৰণা। কোন এই শিলচৰৰ মুন্না ভাই MBBS?

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। শিলচৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক। পংকজ চৌধুৰী নামৰ এক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে।

 শিলচৰত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক পংকজ চৌধুৰী Photograph: (FILE)
শিলচৰত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক পংকজ চৌধুৰী Photograph: (FILE)

শিলচৰত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক। পংকজ চৌধুৰী নামৰ এক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে।

Advertisment

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। কাছাৰ আৰক্ষীৰ অভিযানত জিলাত এটাৰ পাছত আনটো ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। বিগত কেইদিনত জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঠিক তাৰ মাজতে মঙলবাৰে পুনৰ শিলচৰত আন এটা ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে ।

Assam Medical Council Registration চমুকৈ ACMRৰ অভিযোগৰ ভিত্তিত শিলচৰ ঘুংঘুৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজ চৌধুৰী নামৰ এটা ভুৱা চিকিৎসকক। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই জানিবলৈ দিয়া মতে, শিলচৰ ঘুংঘুৰ অঞ্চলত অভিযান চলাই পংকজ চৌধুৰি নামৰ ভুৱা চিকিৎসকটোক গ্ৰেপ্তাৰ কৰা হৈছে৷ পংকজ চৌধুৰীয়ে কাজাখাস্তানৰ এখন মেডিকেল কলেজৰ পৰা MBBSৰ ভুৱা ডিগ্ৰী লৈ দীৰ্ঘ ১৫বছৰ ধৰি শিলচৰত চিকিৎসা প্ৰদান কৰি আহিছিল।

পংকজে নিজকে এগৰাকী গেষ্ট্ৰো এন্ট্ল'জিষ্ট আৰু ডাইবেট'ল'জিষ্ট বিশেষজ্ঞ হিচাপে পৰিচয় দি চিকিৎসা প্ৰদান কৰি আহিছিল বুলি সদৰী কৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। উত্তৰ প্ৰদেশৰ গোন্দাৰ একে নামৰ এজন প্ৰকৃত চিকিৎসকৰ ৰেজিষ্ট্ৰেচন নম্বৰ ব্যৱহাৰ কৰি শিলচৰত চিকিৎসাৰ নামত প্ৰতাৰণা কৰি আহিছিল ভুৱা চিকিৎসক পংকজ চৌধুৰীয়ে।

ভুৱা চিকিৎসকৰ হটছপটত পৰিণত হোৱা কাছাৰত এতিয়া লৈকে ৬টাকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। আৰু এই ভুৱা চিকিৎসকৰ বিৰুদ্ধে জিলাত আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।