Assameseনাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডনাবালিকাৰে কু-কাণ্ড কৰা ৰাজদ্বীপ দাস বৰভূঞা নামৰ লম্পটক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। ২০২৪ৰ ১১ অক্টোবৰত নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।Naba Gogoi Oct 14, 2025 09:47 ISTনাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড২০২৪ৰ ১১ অক্টোবৰত দুৰ্গাপূজাৰ নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এক ভয়ংকৰ ধৰ্ষণ কাণ্ড। স্থানীয় এগৰাকী নাবালিকাই প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে লম্পট ৰাজদ্বীপ দাস বৰভূঞাৰ কামনাৰ বলি হয়। বাগিছাত খোজকাঢ়ি থাকোতে পিছফালৰ পৰা আহি ৰাজদীপ দাস নামৰ লম্পট যুৱকে নাবালিকা কিশোৰীক অপহৰণ কৰি লৈ যায়। AdvertismentALSO READ: জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তানাবালিকা কিশোৰীক অপহৰণ কৰি হাবিত নাবালিকাৰে জোৰ-জবৰদস্তী ধৰ্ষণ কৰে লম্পট ৰাজদ্বীপ দাসে। পাষণ্ড ৰাজদ্বীপে ধৰ্ষণকাণ্ড সংঘটিত কৰা নাবালিকাগৰাকীক হাবিতে এৰি থৈ পলায়ন কৰে। ঘটনাৰ পাছতে নাবালিকাগৰাকীয়ে অৰ্ধউলংগ অৱস্থাত ঘৰলৈ গৈ সকলো কথা জনাই পৰিয়ালৰ লোকক। লগে লগে পৰিয়ালৰ লোকে ধৰ্ষণকাৰী ৰাজদ্বীপৰ বিৰুদ্ধে উধাৰবন্ধ থানাত ৰুজু কৰে এক গোচৰ৷ ঘটনাৰ দিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী ৰাজদ্বীপ দাসক। ALSO READ: প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনিআৰক্ষীৰ তদন্তৰ অন্তত আদালতত আৰম্ভ হয় বিচাৰ প্ৰক্ৰিয়া৷ আদালতত দীৰ্ঘ এক বছৰৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পিছত ১৩ অক্টোবৰ ২০২৫, সোমবাৰে আদালতে অভিযুক্ত ৰাজদ্বীপ দাসক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে৷ ধৰ্ষণকাৰী ৰাজদ্বীপক POCSO আইনৰ অধীনত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে। আদালতৰ এই ৰায়দানৰ পাছত ধৰ্ষণকাৰী ৰাজদ্বীপ দাসক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।ALSO READ: প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি Read the Next Article