"ৰাজহুৱা নহয় জুবিন গাৰ্গৰ ভিছেৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ওলাইছিল ভুৱা খবৰ। Advertisment অৱশেষত অসমত আহি উপস্থিত হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত একেলগে থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। আটায়ে নাহিলেও এজন এজনকৈ অহাৰ আৰম্ভ কৰিছে প্ৰৱাসী অসমীয়াই। জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২৫ দিন। ২৫ দিনে জুবিন গাৰ্গৰ মৃত্যুয়ে শুব দিয়া নাই অসমবাসীক। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ বিচাৰি ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত একেলগে থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক তদন্তৰ আওতালৈ আনাৰ দাবী উত্থাপন হৈছিল। ALSO READ: নিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতী জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল বা কি হৈছিল সেয়া জানিবলৈ SITয়ে ইখনৰ পিছত জাননী প্ৰেৰণ কৰিছিল ছিংগাপুৰত য়াট পাৰ্টী আয়োজন কৰা প্ৰৱাসী অসমীয়ালৈ। কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ সৈতে য়াট পাৰ্টীত একেলগে থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা আহি SITত ভাষ্য প্ৰদান কৰে। ৰূপকমল আহে যদিও বাকীকেইজন ২৫টা দিনে আঁতৰি আছিল SITৰ তদন্তৰ পৰা। ALSO READ: প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি অৱশেষত চমন জাৰি কৰাৰ পিছতেই আজি আন তিনিজন প্ৰৱাসী অসমীয়াই আহি সাক্ষ্যদান কৰিছে SITত। SITত আজি সাক্ষ্যদান কৰিছে সিদ্ধাৰ্থ বৰা, জলাংছত নাৰ্জাৰী আৰু পৰীক্ষিত শৰ্মাই। পুৱাই আহি SITত উপস্থিত হৈ সাক্ষ্যদান কৰিছে তিনিওয়ে। SITৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত SDGP মুন্নাপ্ৰসাদ গুপ্তাৰ মন্তব্য- 'এইপৰ্যন্ত ছিংগাপুৰৰ পৰা ৩ প্ৰৱাসী অসমীয়াই সাক্ষ্যদান কৰিছে। অচিৰেই আৰু কেইবাজনো আহিব সাক্ষ্যদানৰ বাবে'। ALSO READ:জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বান সমান্তৰালকৈ ছিংগাপুৰতো জুবিনৰ মৃত্যুক লৈ তদন্ত চলি আছে বুলি মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ সহযোগত ছিংগাপুৰ প্ৰশাসনে চলাই আছে তদন্ত। ছিংগাপুৰ আৰক্ষীয়ে SITৰ পৰা কিছু তথ্য বিচাৰিছে বুলিও উল্লেখ SDGP মুন্নাপ্ৰসাদ গুপ্তাৰ। সেই মতে ছিংগাপুৰ তদন্তকাৰী দলক তথ্য দিয়া হৈছে। গুপ্তাৰ মতে- 'আমাৰ প্ৰয়োজন হোৱা তথ্যও সংগ্ৰহ কৰিছো ছিংগাপুৰৰ তদন্তকাৰী দলৰ পৰা'। 'ইতিমধ্যে ছিংগাপুৰলৈ SITৰ দল যোৱাৰ বাবে বিচৰা হৈছে অনুমতি'। 'অনুমতি পালেই SIT ৰাওনা হ"ব ছিংগাপুৰলৈ। ALSO READ: ভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ? জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ভিছেৰা ৰিপ'ৰ্ট ইতিমধ্যে SITএ লাভ কৰাৰ কথাও সংবাদমাধ্যমৰ সন্মুখত উল্লেখ কৰে SDGP মুন্নাপ্ৰসাদ গুপ্তাই। কিন্তু এই প্ৰতিবেদন ৰাজহুৱা কৰা নহয় আৰু আদালততহে জমা দিয়া হ"ব বুলি স্পষ্ট ঘোষণা গুপ্তাৰ। একাংশই সোমবাৰে ৪ বজাত পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ"ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলিও দাবী গুপ্তাৰ। গৰিমা গাৰ্গে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ১০ দিনৰ সময়সীমা বান্ধি দিছে। এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া SITৰ শীৰ্ষ বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ। আমি আদালতে বান্ধি দিয়া সময়মতে প্ৰতিবেদন দাখিল কৰিম। তদন্ত নিৰপেক্ষ আৰু স্বচ্ছকৈ চলা বুলি বাৰম্বাৰ দাবী কৰে মুন্নাপ্ৰসাদ গুপ্তাই। "