Advertisment

প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰাখণ্ড। উত্তৰাখণ্ডত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে

প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰাখণ্ড। উত্তৰাখণ্ডত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ৰাজধানী চহৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণ। কাৰ্দিগাড সহস্ৰাধৰা আৰু ডেৰাডুন অঞ্চলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা।

 File Photo
File Photo

প্ৰকৃতিৰ ৰোষত উত্তৰাখণ্ড
ডাৱৰ বিস্ফোৰণত ভয়ংকৰ পৰিস্থিতি


প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰাখণ্ড। উত্তৰাখণ্ডত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ৰাজধানী চহৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণ। কাৰ্দিগাড সহস্ৰাধৰা আৰু ডেৰাডুন অঞ্চলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। 

Advertisment

ধাৰাসাৰ বৰষুণৰ বাবে নিশা প্ৰায় ১১:৩০ বজাত ডাৱৰ বিস্ফোৰণ হয়। মুষলধাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ব্য়াহত হৈ পৰে জনজীৱন, স্তব্ধ হৈ পৰে যাতায়াত ব্য়ৱস্থা। খবৰ অনুসৰি ডাৱৰ বিস্ফোৰণৰ ফলত সহস্ৰাধৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ বিধ্বস্ত হৈ পৰে লগতে বহু ক্ষয়ক্ষতিও হয় অঞ্চলটোত। কাৰ্দিগাডৰ মূল বজাৰত ধ্বংসাৱশেষ পৰি যোৱাৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিস্তৰ ক্ষতিসাধন হয়। ৰাস্তা আৰু একাংশ ঘৰৰো ব্যাপক ক্ষতিসাধন। পানীৰ ধলে উটুৱাই লৈ যায় দোকান আৰু গাড়ী।  প্ৰৱল সোত আৰু ধ্বংসাৱশেষে নষ্ট কৰে সকলো। 

ডাৱৰ বিস্ফোৰণৰ ফলত এইপৰ্যন্ত সন্ধানহীন দুজনকৈ লোক। ঘটনাৰ লগে লগে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে উদ্ধাৰকাৰী দলে। ডাৱৰ বিস্ফোৰণৰ ফলত ঋষিকেশৰ চন্দ্ৰভাগা নদী ওফন্দি উঠে। নদীৰ মাজতে আবদ্ধ হৈছিল তিনিজনকৈ লোক। নদীৰ মাজত আবদ্ধ লোককেইজনক পিছত SDRFৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সাহাৰ্য আৰু উদ্ধাৰ অভিযানৰ বাবে জেচিবিকে ধৰি গধুৰ যন্ত্ৰপাতি ব্য়ৱহাৰ কৰিছে প্ৰসাসনে। ক্ষতিগ্ৰস্তৰ লোকসকলক সাৱধনতা অৱলম্ৱন কৰি নিৰাপদ স্থানত থাকিবলৈ আহ্ৱান জনাইছে প্ৰশাসনে। 

ইফালে ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে ডেৰাডুনত বন্ধ ৰখা হৈছে সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ। 


মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে সহস্ৰাধৰাৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সন্দর্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰে ৷ তেওঁ লিখিছে যে, ডেৰাডুনৰ সহস্ৰধৰাত গভীৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত একাংশ দোকানৰ ক্ষতিৰ দুখৰ খবৰ পোৱা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, এছডিআৰএফ, আৰক্ষীয়ে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত থাকি নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছো। সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। 


এপ্ৰিলৰ পৰা বৰ্তমানলৈ পাহাৰীয়া ৰাজ্যখনত ইটোৰ পিছত সিটো বিপৰ্যয় ঘটি আহিছে। ধাৰালি, হৰ্ষিল, উত্তৰকাশী, চামুলি, ৰুদ্ৰপ্ৰয়াগ, পৌৰীত বিপৰ্যয়। বিগত ছমাহত প্ৰাকৃতিক বিপৰ্যয়ত ৰাজ্য়খনত মৃত্যু হৈছে ৮৫জনৰ, সন্ধানহীন ৯৪জন। প্ৰধানমন্ত্ৰীয়ে ১১ ছেপ্টেম্বৰত ডেৰাডুন ভ্ৰমণ কৰি বুজ লৈছিল পৰিস্থিতিৰ। উত্তৰাখণ্ডলৈ ১২০০ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।