Assameseই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰএগৰাকী সাহসী আৰু কৰ্ম উদ্যমী মহিলাৰ কৰ্মৰাজি এতিয়া সকলোৰে মুখে মুখে চৰ্চিত। নিজৰ কৰ্মত বিশ্বাসী মহিলাগৰাকীয়ে কৰি অহা কৰ্ম এতিয়া বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস। কথাৰে নহয়, কৰ্মৰে নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই। Jyotiprasad Sarma Dec 07, 2025 18:22 ISTদহজনৰ বাবে প্ৰেৰণা বিহপুৰীয়াৰ বেবী Photograph: (DY365)ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰদহজনৰ বাবে প্ৰেৰণা বিহপুৰীয়াৰ বেবীএগৰাকী সাহসী আৰু কৰ্ম উদ্যমী মহিলাৰ কৰ্মৰাজি এতিয়া সকলোৰে মুখে মুখে চৰ্চিত। নিজৰ কৰ্মত বিশ্বাসী মহিলাগৰাকীয়ে কৰি অহা কৰ্ম এতিয়া বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস। কথাৰে নহয়, কৰ্মৰে নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই। পুৱাৰ পৰা নিশাপৰ্যন্ত নিজ কৰ্মত ব্যস্ত থকা মহিলাগৰাকী হৈছে বিহপুৰীয়াৰ খোলাগুৰিৰ বেবী ডেকা হাজৰিকা। Advertismentপুৱাতেই উঠি ই–ৰিক্সাখন লৈ ওলাই যায় মহিলাগৰাকী। ঘৰতে প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰে গাঁৱে গাঁৱে। মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে হায়দৰাবাদত। বৰ্তমানৰ প্ৰতিযোগিৰ পৃথিৱীখনত এজনৰ উপাৰ্জনেৰে পৰিয়াল পোহ-পাল দিয়াত সমস্যাৰ সন্মুখীন হৈ অহাৰ বাবে ববী ডেকা হাজৰিকাই আৰম্ভ কৰিলে কাপোৰৰ ব্যৱসায়। ঘৰতে উৎপাদন কৰা কাপোৰ গাঁৱে গাৱে বিক্ৰী কৰিবলৈ ল'লে ববীয়ে। লাহে লাহে ববী ডেকা হাজৰিকাৰ ব্যৱসায় ভাল হৈ অহাত ক্ৰয় কৰিলে এখন ই-ৰিক্সা। আৰু সেই ই-ৰিক্সাখন চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰ। এতিয়া বেবী ডেকা হাজৰিকাৰ ব্যৱসায় ভাল হৈছে। পূৰ্বৰ তুলনাত কিছু পৰিমাণে দূৰ হৈছে ঘৰখনৰ সমস্যা। বেবী ডেকা হাজৰিকাৰ কৰ্মত স্বামীয়েও আগবঢ়াই আহিছে সহযোগিতা।উল্লেখ্য যে, ববী ডেকা হাজৰিকাই কেৱল কাপোৰ বিক্ৰী কৰাই নহয় চিলাই মেচিনত কাপোৰ চিলাই কৰিও উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইফালে সময় সুবিধা পালে ঘৰতে প্ৰস্তুত কৰা কেকো বিক্ৰী কৰে ববীয়ে। বাণিজ্যমেলাত দোকান দিয়া, মুগাৰ কাপোৰ বিক্ৰী কৰা, বৰ্তমান ঠাণ্ডাৰ এই দিনকেইটাট ছুৱেটাৰো বিক্ৰী কৰি থকা বুলি জানিবলৈ দিয়ে ববী ডেকা হাজৰিকাই। দুজনী ছোৱালীৰ মাতৃ ববী ডেকা হাজৰিকাৰ কৰ্মৰ শলাগ লৈছে বহুজনে। উদ্যমী মহিলাগৰাকীৰ কৰ্মৰাজি এতিয়া বিহপুৰীয়াবাসীৰ মুখে মুখে চৰ্চা। AdvertismentAdvertisment Read the Next Article