Advertisment

শীঘ্ৰেই আহিব অৱসৰৰ সিদ্ধান্ত! টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে আজি ঘোষণা  হ'ল ভাৰতীয় দল। ৰোহিত শৰ্মাক আতৰাই এদিনীয়া ক্ৰিকেটৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰা হ'ল শুভমন গিলক। এতিয়া প্ৰশ্ন হৈছে টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?

 filephoto
filephoto


শীঘ্ৰেই আহিব অৱসৰৰ সিদ্ধান্ত! টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?

Advertisment

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে আজি ঘোষণা  হ'ল ভাৰতীয় দল। কিন্তু ক্ৰিকেটপ্ৰেমীৰ বাবে আটাইতকৈ চৰ্চিত বিষয়টো ৰোহিত শৰ্মা। ৰোহিত শৰ্মাক আতৰাই এদিনীয়া ক্ৰিকেটৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰা হ'ল শুভমন গিলক। এতিয়া প্ৰশ্ন হৈছে টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজি ভাৰতীয় দল ঘোষণাৰ পূৰ্বে নিৰ্বাচকমণ্ডলীয়ে এক দীঘলীয়া বৈঠকত মিলিত হয়। এই বৈঠকৰ পিছতে ২৬ বছৰীয়া শুভমন গিলক এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এতিয়াৰে পৰা টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে টীম ইণ্ডিয়াক নেতৃত্ব দিব গিলে। অৱশ্যে ১৫ জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। কিন্তু সুন্দৰ ফৰ্মত থকাৰ পাছতো দলৰ পৰা বাদ পৰিল তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। উল্লেখ্য যে শুভমন গিলক এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ লগতে তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰক এদিনীয়া দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ৰোহিত শৰ্মা হৈছে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল অধিনায়ক। মহেন্দ্ৰ সিং ধোনীৰ পাছতে ভাৰতৰ হৈ আটাইতকৈ বেছি ICC ট্ৰফী জয় কৰা অধিনায়কজনেই হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাৰ অধিনায়কত্বতেই শেহতীয়াভাৱে টীম ইণ্ডিয়াই ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ ICC চেম্পিয়নছ ট্ৰফী আজুৰি আনিবলৈ সক্ষম হৈছিল। ২০২৫ৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনেই আছিল অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ কেৰিয়াৰৰঅন্তিমখন খেল। 


উল্লেখ্য যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছতেই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। ইয়াৰ পিছতে ২০২৫ চনৰ আই পি এলৰ মাজতেই দুয়োগৰাকী খেলুৱৈয়ে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ ঘোষণা কৰিছিল। এতিয়া আশংকা কৰা হৈছে অষ্ট্ৰেলিয়া বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পিছতে দুয়োগৰাকী খেলুৱৈয়ে এদিনীয়া ক্ৰিকেটৰ পৰাও অৱসৰৰ কথা ঘোষণা কৰিব পাৰে। 

এদিনীয়া ক্ৰিকেটত ৰোহিত-কোহলীৰ  ভৱিষ্যত সন্দৰ্ভত অজিত আগৰকাৰক আজি প্ৰশ্ন কৰা হৈছিল। লগতে ২০২৭ত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া আই চি চি বিশ্বকাপত ৰোহিত শর্মা আৰু বিৰাট কোহলীয়ে খেলিব নেকি বুলিও প্রশ্ন কৰা হৈছিল ৷ প্ৰশ্নৰ উত্তৰত অজিত আগৰকাৰে কয় যে, 'তেনেকুৱা একো কথা নাই'। 'এই সন্দৰ্ভত বৰ্ডে এতিয়া কোনো সিদ্ধান্ত লোৱা হোৱা নাই'। আগৰকাৰৰ মন্তব্য-'তিনিটা ফৰ্মেটৰ বাবে তিনিজন অধিনায়ক থকাটো অসম্ভৱ আৰু বৰ্তমান এদিনীয়া ক্ৰিকেট আটাইতকৈ কম খেলা ফৰ্মেট'। গতিকে 'শুভমন গিলক অধিনায়ক হিচাপে এডজাষ্ট হ'বলৈ সময় দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে, যাতে গিলে ২০২৭ চনৰ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাব পাৰে'।

দৰাচলতে অজিত আগৰকাৰে ৰোহিত-কোহলীৰ ভৱিষ্যতৰ বিষয়ে এটা ডাঙৰ ইংগিত দি কয় যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মা দুয়োজনেই ২০২৭ চনৰ বিশ্বকাপৰ প্ৰতি দায়বদ্ধ নহয়। আগৰকাৰৰ বক্তব্যই পৰা অনুমান কৰিব পাৰি যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে এয়া হ'ব পাৰে কেৰিয়াৰৰ অন্তিমটো শৃংখলা। তাৰোপৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পাছতেই এদিনীয়া ক্ৰিকেটকো বিদায় জনাব পাৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে।