Assameseপলাশ মুছলে প্ৰৱঞ্চনা কৰিছে স্মৃতি মান্ধানাক!ষ্টাৰ ক্ৰিকেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিয়াত বাধা। বিয়াৰ পূৰ্বে অসুস্থ হৈ পৰে স্মৃতি মান্ধানাৰ পিতৃ শ্ৰীনিবাস মান্ধানা। কিন্তু শেহতীয়াভাৱে অন্য কিছু খবৰে জোকাৰি গৈছে ইণ্টাৰনেটৰ দুনিয়া। সামাজিক মাধ্যম জোকাৰি যোৱা কি এই খবৰ?Mrinmoy Talukdar Nov 26, 2025 14:35 ISTFilephotoপলাশ মুছলে প্ৰৱঞ্চনা কৰিছে স্মৃতি মান্ধানাক! স্ক্ৰীনশ্বট ভাইৰেল হোৱা মেৰী ডিক’ষ্টা কোন?Advertismentষ্টাৰ ক্ৰিকেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিয়াত বাধা। বিয়াৰ পূৰ্বে অসুস্থ হৈ পৰে স্মৃতি মান্ধানাৰ পিতৃ শ্ৰীনিবাস মান্ধানা। কিন্তু শেহতীয়াভাৱে অন্য কিছু খবৰে জোকাৰি গৈছে ইণ্টাৰনেটৰ দুনিয়া। সামাজিক মাধ্যম জোকাৰি যোৱা কি এই খবৰ?২৩ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল ষ্টাৰ ক্ৰিকেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ। কিন্তু বিয়াৰ পূৰ্বে অসুস্থ হৈ পৰে স্মৃতি মান্ধানাৰ পিতৃ শ্ৰীনিবাস মান্ধানা। স্বাস্থ্যজনিক কাৰণত সম্প্ৰতি চিকিত্সালয়ত চিকিত্সাধীন অৱস্থাত আছে স্মৃতি মান্ধানাৰ পিতৃ শ্ৰীনিবাস মান্ধানা। কিন্তু ২৩ নৱেম্বৰত হ’ব লগীয়া বিয়া অনিৰ্দিষ্ট সময়লৈ স্থগিত ৰখা হৈছে। খবৰ অনুসৰি ভাবী স্বামী মিউজিক কম্প’জাৰ পলাশ মুছলে প্ৰৱঞ্চনা কৰিছে স্মৃতিক। মেৰী ডিক’ষ্টা নামৰ এগৰাকী যুৱতীৰে স্মৃতি মান্ধানাৰ ভাবী স্বামী পলাশ মুছলৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে। স্মৃতি মান্ধানাৰ সৈতে লং ডিছটেন্স ৰিলেশ্যনশ্বিপক লৈয়ো সুখী নাছিল পলাশ। মেৰী ডিক’ষ্টা নামৰ এটা একাউণ্টতৰ পৰা আপলোড কৰা হৈছে কিছু স্ক্ৰীনশ্বট। কিন্তু স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰাৰ পিছত ডি-এক্টিভেট কৰা হয় একাউণ্ট। ইয়াক লৈয়ো বিভিন্নজনৰ মাজত সৃষ্টি হৈছে সন্দেহ।২৩ নৱেম্বৰত হ’ব লগীয়া স্মৃতি মান্ধানা আৰু পলাশ মুছলেৰ বিয়া অনিৰ্দিষ্ট সময়লৈ স্থগিত ৰখা হৈছে। কিন্তু শেহতীয়াভাৱে অন্য কিছু খবৰে জোকাৰি গৈছে ইণ্টাৰনেটৰ দুনিয়া। খবৰ অনুসৰি ভাবী স্বামী মিউজিক কম্প’জাৰ পলাশ মুছলে প্ৰৱঞ্চনা কৰিছে স্মৃতিক। কেইটামান স্ক্ৰীনশ্বট আৰু এগৰাকী ৰহস্যময়ী যুৱতী সোমাই পৰিছে কাহিনীত।মেৰী ডিক’ষ্টা নামৰ যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক আছিল নেকি পলাশৰ? কৰিঅ’গ্ৰাফাৰ মেৰী ডিক’ষ্টাই অংশগ্ৰহণ কৰিছিল পলাশ-স্মৃতিৰ বিয়াৰ কাৰ্যসূচীত। দুয়োৰে প্ৰি-ৱেডিং শ্বুটিঙত কৰিঅ’গ্ৰাফ কৰিছিল মেৰী ডিক’ষ্টাই। এইগৰাকী মেৰী ডিক’ষ্টাৰ সৈতে সম্পৰ্ক আছে নেকি পলাশ মুছলৰ?ইনষ্টাগ্ৰামত ভাইৰেল হোৱা স্ক্ৰীনশ্বটে তেনে এক প্ৰশ্নৰে অৱতাৰণা কৰিছে। স্ক্ৰীনশ্বটত দেখা গৈছে মেৰী ডিক’ষ্টা আৰু পলাশ মুছলৰ মাজত দীঘলীয়া কথোপকথন। হোটেলৰ ছুইমিং পুললৈ সাঁতুৰিবলৈ পলাশে মাতিছিল মেৰী ডিক’ষ্টাক।মেৰী ডিক’ষ্টা নামৰ এটা একাউণ্টৰ পৰা আপলোড কৰা হৈছিল স্ক্ৰীনশ্বটসমূহ। কিন্তু স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰাৰ পিছত ডি-এক্টিভেট কৰা হয় একাউণ্ট। ইয়াক লৈয়ো বিভিন্নজনৰ মাজত সৃষ্টি হৈছে সন্দেহ। স্ক্ৰীনশ্বটৰ সত্যতাক লৈ প্ৰশ্ন থাকিলেও ইণ্টাৰনেটৰ দুনিয়াত এতিয়া জ্বৰ। স্মৃতি মান্ধানাৰ বিয়া স্থগিত হোৱাৰ ঘটনাই লাভ কৰিছে ব্যাপক চৰ্চা। ২৩ নৱেম্বৰত বিয়াত বহাৰ কথা আছিল স্মৃতি মান্ধানা আৰু পলাশ মুছল। বিয়াৰ বহু পৰম্পৰাগত কাৰ্যসূচী ইতিমধ্যে পাৰ হৈ গৈছিল। এইসমূহ ফটো, ভিডিঅ’ স্মৃতিয়ে আপলোড কৰিছিল ইনষ্টাগ্ৰাম একাউণ্টত। কিন্তু আটাইবোৰ ফটো, ভিডিঅ’ ইতিমধ্যে ডিলিট কৰিছে স্মৃতিয়ে। অৱশ্যে পলাশক লৈ স্মৃতিৰ পূৰ্বৰ বহু পোষ্ট এতিয়াও ইনষ্টাগ্ৰামত আছে। এনে পৰিস্থিতিত বিয়াখন হ’বগৈ নে নাই তাক লৈ অনুৰাগীৰ প্ৰশ্ন। অৱশ্যে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই স্মৃতি আৰু পলাশে ।AdvertismentAdvertisment Read the Next Article