Advertisment

অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

অখিল গগৈ জিকিবই। অখিল গগৈ হিৰো হয়। গতিকে অখিল গগৈয়ে আহি গুৱাহাটীৰ যিকোনো এটা সমষ্টিত নিৰ্বাচন খেলিলেই হ'ল। হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অখিল গগৈৰ প্ৰশংসা।

 Filephoto
Filephoto

অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

'অখিল গগৈ জিকিবই। অখিল গগৈ হিৰো হয়। গতিকে অখিল গগৈয়ে আহি গুৱাহাটীৰ যিকোনো এটা সমষ্টিত নিৰ্বাচন খেলিলেই হ'ল'। হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অখিল গগৈৰ প্ৰশংসা।

Advertisment

Read More- ছাকিৰা আহিব গুৱাহাটীলৈ

'জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে নলবাৰী সমষ্টিতো নিৰ্বাচন খেলিব পাৰে অখিল গগৈয়ে। মই বিছাৰো অখিল গগৈয়ে আহি গুৱাহাটীৰ যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলি একেবাৰে সমাপ্ত হৈ যাওক। মই যিমানদূৰ জানো অখিল গগৈৰ এইবাৰ দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ ইচ্ছা আছে।  অখিল গগৈয়ে এইবাৰ শিৱসাগৰ আৰু ধুবুৰীৰ যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে'। অখিল গগৈক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Read More- পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ

লগতে মুখ্যমন্ত্ৰীয়ে কয়, 'অখিল গগৈৰ ফেচবুক লাইভ চাই মই নিশ্চিত যে অখিল গগৈৰ কিবা এটা হৈছে। কিন্তু কি হৈছে মই কোৱাটো উচিত নহয়। ফেচবুক লাইভত অখিল গগৈৰ অৱস্থা চাই মই গোটেই ৰাতি হাহিছো। ৰাতি ৰাতি অখিল গগৈৰ এইবোৰ ভিডি'অ চাই মই মনটো পাতল কৰো। এক প্ৰকাৰ মই এতিয়া অখিল গগৈৰ বিগ ফেন'। 

Read More- কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?

 উল্লেখ্য যে এদিন পূৰ্বে সংবাদমেল যোগে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও মন্তব্য কৰিছিল। সংবাদমেলত অখিল গগৈয়ে কৈছিল- 'মোৰ পৰিৱৰ্তে যদি শিৱসাগৰ সমষ্টিৰ পৰা অন্য প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিলে জয়ী হোৱাৰ বেছি সম্ভাৱনা আছে তেনেহলে মই শিৱসাগৰ সমষ্টিতো এৰি দিম। শিৱসাগৰ সমষ্টিতেই যে মই নিৰ্বাচন খেলিব লাগিব এনেকুৱা একো কথা নাই। মই গুৱাহাটীৰ কোনোবা এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিও জিকি যাম। সকলোৱে জানে বিজেপিক আটাইতকৈ বেছি প্ৰত্যাহ্বান জনাব পৰা মানুহজন ময়ে। যদি মই গুৱাহাটীৰ যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি সিদ্ধান্ত লও তেনেহলে মোক কোনেও ৰখাব নোৱাৰে। মই গুৱাহাটীত নিৰ্বাচন খেলিও জয়ী হ'ব পাৰিম'।

Read More- ভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতি

Advertisment
Advertisment