Advertisment

পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ

যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।

যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা

শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।

Advertisment

যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যত অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু তামুলীডুৱা বিল। এই তামুলীডুৱা বিলত নিচেই কাষৰ পৰাই ৩০ পৰা ৩৫টা গঁড় একেলগে দেখা পোৱাতো পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ। দেশ বিদেশৰ পৰ্যটকে নিচেই কাষৰ পৰা উপভোগ কৰিছে ইমান গঁড় একেলগে বিচৰণৰ ৰোমাঞ্চকৰ দৃশ্য। লগতে আকৌ বন্য ম'হৰ জাক, বন্য গাহৰিৰ লগতে পৰিভ্ৰমী পক্ষীৰ জাক। পবিতৰা অভয়াৰণ্যৰ গঁড়, মহ, বিভিন্ন পৰিভ্ৰমী চৰাইৰ লগতে পবিতৰাৰ নান্দনিক দৃশ্যই আপ্লুত কৰি তুলে পৰ্যটকক। পবিতৰা অভয়াৰণ্যৰ তামুলীডুৱা বিলৰ এনে নান্দনিক দৃশ্যই হাত বাউলী মাতিছে এতিয়া পৰ্যটকক।

also read: নৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ?

Advertisment
Advertisment