Assameseনৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ?পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। গোৱাৰ নৈশ ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত চিৰ বিদায় ল'লে ২৩জন লোকে। ঘটনাত আহত ৫০ জন। বৰ্তমানেও হাহাকাৰ পৰিস্থিতি। Naba Gogoi Dec 07, 2025 09:38 ISTপুনৰ ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ'ল সমগ্ৰ দেশকেতিয়াও কল্পনা কৰিব নোৱাৰা লোমহৰ্ষক ঘটনা সংঘটিত হয় গোৱাত। যি খবৰে মৰ্মাহত কৰিছে সকলোকে। তেতিয়া আছিল মাজনিশা। চলি আছিল অৱসৰ বিনোদন। দেশী-বিদেশী পৰ্যটকে মিলি কৰি আছিল প্ৰমোদ বিহাৰ। কোনেও কল্পনাই কৰা নাছিল যে এই আনন্দৰ মাজতে আহিব পাৰে মৃত্যুৰ ধুমুহা। যে ক্ষন্তেক পিছতে কাল হৈ পৰিব এই ক্ষণিকৰ আনন্দ। AdvertismentALSO READ: https://dy365live.com/assamese/pop-star-post-malones-concert-in-guwahati-10887965আছিল শনিবাৰ। ছেটাৰডে নাইটৰ বিশাল পাৰ্টি। স্থান গোৱাৰ আৰ্পোৰা। উত্তৰ গোৱাৰ আৰ্পোৰাৰ নাইট ক্লাব বাৰ্চ বাই ৰোমিঅ’ লেনত হঠাৎ চিলিণ্ডাৰ বিস্ফোৰণ। লগে লগে লাগিল হাহাকাৰ। নিমিষতে লেলিহান জুয়ে আৱৰি ধৰিলে ক্লাবটো। জীৱন্তে অগ্নিদগ্ধ হ'ল নাইট ক্লাবত পাৰ্টিত মছগুল হৈ থকা প্ৰায় অৰ্ধশতাধিক লোক। ভয়ংকৰ অগ্নিকাণ্ডত ২৩জনে ঠাইতে হেৰুৱালে প্ৰাণ। ইয়াৰে ৫০ৰো অধিক লোক আহত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। যিকোনো মূহূৰ্তত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। ALSO READ: https://dy365live.com/assamese/zubeen-murder-charge-sheet-10887529উল্লেখ্য যে গোৱাৰ নাইট ক্লাব বাৰ্চ বাই ৰোমিঅ’ লেনৰ সেই নাইট পাৰ্টিত আছিল কেইবাগৰাকীও বিদেশী পৰ্যটক। ৪-৫ গৰাকী বিদেশী পৰ্যটকেও এই ঘটনাত প্ৰাণ হেৰুওৱাৰ খবৰ। উত্তৰ গোৱাৰ অভিজাত নাইট ক্লাবত মাজনিশা জুই লগাৰ পিছতে হাহাকাৰ পৰিস্থিতি। ভস্মীভূত নাইট ক্লাবটোত ঘটনাস্থলীতে অগ্নিদগ্ধ হৈ মৃত্যু ২৩ জনৰ। গোৱা আৰক্ষী প্ৰধান আলোক কুমাৰে নিশ্চিত কৰিছে এই তথ্য। গোৱাৰ বিধায়ক মাইকেল লোবোৰ মতে ৩ মহিলা, ২০ পুৰুষৰ মৃত্যু। ঘটনাক লৈ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতিৰ। নিহতলৈ ২ লাখ, আহতক ৫০ হাজাৰৰ সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ। AdvertismentAdvertisment Read the Next Article