Advertisment

প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত প’পষ্টাৰ পোষ্ট মেলনৰ অনুষ্ঠানত কেউফালে দেখা গ'ল জুবিন বন্দনা। বিশ্ববিখ্যাত শিল্পীৰ পৰা দৰ্শকলৈ... সকলোৰে মুখত কেৱল জুবিন গাৰ্গ। অসমত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা পোষ্ট মেলনৰ মুখত শুনা গ'ল জুবিনৰ কথা। 

 প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা Photograph: (DY365)
প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা Photograph: (DY365)

প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা

সোমবাৰে নিশা সুৰৰ মায়াজালত মায়াময় হৈ পৰিল গুৱাহাটী মহানগৰী। আমেৰিকান প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতে মোহাচন্ন কৰিলে হাজাৰ হাজাৰ দৰ্শকক। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প’পষ্টাৰ পোষ্ট মেলনে পৰিৱেশন কৰা ইটোৰ পিছত সিটোকৈ গীতে শীতৰ সেমেকা নিশাক উষ্ম কৰি তুলিলে।

Advertisment

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত প’পষ্টাৰ পোষ্ট মেলনৰ অনুষ্ঠানত কেউফালে দেখা গ'ল জুবিন বন্দনা। বিশ্ববিখ্যাত শিল্পীৰ পৰা দৰ্শকলৈ... সকলোৰে মুখত কেৱল জুবিন গাৰ্গ। অসমত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা পোষ্ট মেলনৰ মুখত শুনা গ'ল জুবিনৰ কথা। 
সংগীতানুষ্ঠানৰ আৰম্ভণিতেই পোষ্ট মেলনে নাম ল'লে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গক GREAT LEGENDARY আখ্যা দিলে বিশ্ববিখ্যাত ৰেপাৰজনে। বিশ্ব প্ৰসিদ্ধ প’পষ্টাৰ পোষ্ট মেলনৰ মুখত জুবিনৰ নাম শুনাৰ লগে লগে দৰ্শকৰ হৰ্ষোল্লাসত মুখৰিত হৈ পৰিল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। সকলোৱে একেলগে চিঞৰি উঠিল জয় জুবিন দা বুলি। 

ইফালে অনুষ্ঠানৰ শেষতো মৰমৰ শিল্পী জুবিন অনুৰাগীৰ মুখত শুনা গ'ল জয় জুবিনদা ধ্বনি। জয় জুবিনদা ধ্বনিৰে মুখৰিত হৈ পৰে খানাপাৰা। মায়াবিনী ৰাতিৰ বুকুত... গাই দৰ্শকে ক’লে- অসমত কেৱল জুবিনদাহে চলিব। ‘পোষ্ট মেলন আহিল বুলিয়েই আমি জুবিনক পাহৰিলে নহ’ব’। পোষ্ট মেলনক চাবলৈ আহি জুবিনৰ ন্যায় দাবী কৰিলে দৰ্শকে। 

আমেৰিকান প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবলৈ খানাপাৰাৰ খেলপথাৰত ভিৰ কৰিছিল অজস্ৰ অনুৰাগীয়ে। অসমৰ লগতে আন ৰাজ্য তথা দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু অনুৰাগীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প’পষ্টাৰগৰাকীৰ সংগীতানুষ্ঠান উপভোগ কৰে। ইটোৰ পিছত সিটো গীত পৰিৱেশন কৰি দৰ্শকক উৎসাহিত কৰাৰ লগতে অনুষ্ঠান অধিক জীপাল কৰি তোলে শিল্পীগৰাকীয়ে

Advertisment
Advertisment