Assameseগুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্টপ্ৰথমবাৰৰ বাবে গুৱাহাটীত সংগীতানুষ্ঠান কৰিবৰ বাবে আহিব আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলন। ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীত পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে।Jyotiprasad Sarma Dec 06, 2025 20:49 ISTগুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট Photograph: (DY365)গুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্টপ্ৰথমবাৰৰ বাবে গুৱাহাটীত সংগীতানুষ্ঠান কৰিবৰ বাবে আহিব আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলন। ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীত পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে। পোন প্ৰথমবাৰৰ বাবে অসমৰ পৰ্যটন উদ্যোগে আয়োজন কৰিছে এই অনুষ্ঠানৰ। বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্টৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। ইতিমধ্যে এই অনুষ্ঠানৰ টিকট BookMyShowত উপলব্ধ হৈছে। ৮ ডিচেম্বৰত এই অনুষ্ঠানটো সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব। Advertismentআমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত বিনামূলীয়া পানীৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। প্ৰৱেশৰ বাবে থাকিব বহুকেইখন প্ৰৱেশদ্বাৰ। অনুষ্ঠানৰ ভিতৰলৈ পানীবটল, বেগ নিয়াত বাধা আৰোপ কৰা হৈছে। প্ৰায় ২২ হাজাৰ দৰ্শকে উপভোগ কৰিব অনুষ্ঠানটো। আমেৰিকাৰ প্ৰখ্যাত গায়ক পোষ্ট মেলনৰ সংগীতানুষ্ঠান উপলক্ষে মহানগৰ প্ৰশাসনে জাৰি কৰিছে পথ নিৰ্দেশনা। গধুৰ বাণিজ্যিক যান-বাহনসমূহ চলাচল বন্ধ থাকিবলগীয়া মহানগৰীৰ পথকেইটা হৈছে-১) ছয় মাইল ব্ৰীজৰ পৰা খানাপাৰাৰ ৰটাৰীলৈকে। ২। ছয় মাইল ব্ৰীজৰ পৰা বালুঘাট ত্ৰিপুৰা গলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে বন্ধ থাকিব পথ।৩। বেলতলা তিনিআলিৰ পৰা জয়নাগৰ চাৰিআলিলৈকে বাহন চলাচলত বাধা।৪। জয়ানগৰ চাৰিআলিৰ পৰা আছাম পাব্লিক ছার্ভিচ কমিচনৰ পইণ্টলৈকে বন্ধ। ৫। খানাপাৰাৰ পৰা বৈশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ ছাৰ্ভিছ ৰোডত বাহন চলাচলত থাকিব বাধা। ন’ পাৰ্কিং হিচাপে থকা স্থানসমূহ হৈছে-১। জি এছ ৰোডৰ দুয়োকাষে ছয় মাইলৰ পৰা খানাপাৰা ৰটাৰীলৈকে ন’ পাৰ্কিং জ’ন ২। জয়ানগৰ চাৰিআলিৰ পৰা ত্ৰিপুৰা গলি বালুঘাটলৈকে ন’ পাৰ্কিং ৩। জয়ানগৰ চাৰিআলিৰ পৰা এ পি এছ চি পইণ্টলৈকে ন’ পাৰ্কিং জ’ন৪। ৰাষ্ট্ৰীয় ঘাইপথৰ ছার্ভিছ ৰোড দুটা ন’ পাৰ্কিং হিচাপে থাকিব ৫। ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰৰ পৰা গ্ৰীনউড ৰিজ'ৰ্টলৈকে ন’ পাৰ্কিং মহানগৰ আৰক্ষীয়ে পাৰ্কিঙৰ বাবে কৰা ব্যৱস্থাসমূহ-১। যিসকল লোক জি এছ ৰোড হৈ গণেশগুৰিৰ ফালৰ পৰা আহিব তেওঁলোকে ভেটেনেৰী ফাৰ্ম গেট জি এছ ৰোড দিছপুৰত পাৰ্কিং কৰিব পাৰিব। ২। এগ্ৰিকালচাৰ কেম্পাছ কৃষি ভৱন জি এছ ৰোড দিছপুৰত পাৰ্কিং কৰিব পাৰিব। ৩। জ্যোতি বিষ্ণু অডিটৰিয়াম জি এছ ৰোড দিছপুৰত পাৰ্কিঙৰ ব্যৱস্থা৪। ভেটেনেৰী কলেজ কেম্পাছ খানাপাৰাত পাৰ্কিং কৰিব পাৰিব ৰাষ্ট্ৰীয় ঘাইপথ হৈ বেলতলা জয়ানগৰ ফালৰ দৰ্শকসকলে১। ত্ৰিপুৰা গলি বালুঘাটত পাৰ্কিং কৰিব পাৰিব।২। পাটছাৰকুছি বশিষ্ঠ মন্দিৰ পথত পাৰ্কিং কৰিব পাৰিব। ৩। কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা ৪। আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত পাৰ্কিং কৰিব পাৰিব। ৫। নেশ্যনেল ইনষ্টিটিউট অফ পাব্লিক ক'পাৰেচন এণ্ড ছাইল্ড ডেভেলপমেণ্ট কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা পাৰ্কিং কৰিব পাৰিব।৬। জুডিঅ' শ্ব' ৰুমৰ কাষত কৰিব পাৰিব পাৰ্কিং। ৭। নেৰিমৰ ওচৰত পার্কিং কৰিব পাৰিব। ৯। আছাম ৱেৰ হাউছ কর্প'ৰেশ্যন নিয়েৰ বি এম ডব্লিউ ছার্ভিছ চেণ্টাৰৰ ওচৰত পার্কিং কৰিব পাৰিব। ১০। কামাখ্যা কাটা নিয়েৰ ফনিক্স শ্ব'ৰুম ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৰিব পাৰিব পাৰ্কিং। AdvertismentAdvertisment Read the Next Article