Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মাজ আকাশত বাজি উঠিব ‘মায়াবিনী...’ গীত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মাজ আকাশত বাজি উঠিব ‘মায়াবিনী...’ গীত। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বায়ু সেনাই কৰিছে বিশেষ প্ৰস্তুতি। অসমত উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে বায়ু সেনাৰ।

 zubeen Photograph: (internet)
zubeen Photograph: (internet)

কাইলৈ মাজ আকাশত বাজি উঠিব ‘মায়াবিনী...’ গীত

কাইলৈ ৰাষ্ট্ৰীয় বায়ু সেনা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ লাচিত ঘাটত বিশেষ প্ৰদৰ্শনী আয়োজন। কাইলৈৰ দিনটোত বায়ু সেনাৰ বাহিনীয়ে প্ৰদৰ্শন কৰিব উৰণ কলা। গুৱাহাটীৰ আকাশত এতিয়া মিগ, ৰাফেল, তেজস্ব আদি যুঁজাৰু বিমানৰ উৰণ দেখিবলৈ পোৱা গৈছে। সমানে সমানে উৰিছে যুদ্ধত ব্যৱহৃত হেলিকপ্টাৰো। কাইলৈৰ দিনটোত প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত প্ৰায় ৭৫খন বিমানে প্ৰদৰ্শন কৰিব উৰণ কলা। 

Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মাজ আকাশত বাজি উঠিব ‘মায়াবিনী...’ গীত। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বায়ু সেনাই কৰিছে বিশেষ প্ৰস্তুতি।  অসমত উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে  বায়ু সেনাৰ।  আজি অনুশীলনত উপস্থিত হৈছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব ৯৩ সংখ্যক বায়ু সেনা দিৱস। এই উপলক্ষে বিশেষ এয়াৰ শ্ব' অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল বায়ু সেনাই। এই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব ৭৫খনৰো অধিক বায়ুসেনা বিমানে।

ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিঙে, ৯ নৱেম্বৰৰ কাৰ্যসূচীৰ বাবে পুৰ্বে ৪-৫ দিনৰ এয়াৰ শ্ব'ৰ অনুশীলন চলোৱাৰ কথা উল্লেখ কৰিছিল। কাইলৈৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে কেইবাখনো স্কুল-কলেজ বা আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক। অনুষ্ঠানটো আয়োজন কৰাত সহযোগিতা কৰিছে ৰাজ্যৰ প্ৰশাসনে। বায়ু সেনাৰ এই বিশেষ এয়াৰ শ্ব'ত ভাগ ল'ব M17, APACHE, ALH, C-295, TEJAS দৰে ভাৰতীয় বায়ু সেনাৰ আগশাৰীৰ যুঁজাৰু বিমানে। ৭৫খনৰো অধিক বায়ুসেনা বিমানে এই শ্ব'ত অংশগ্ৰহণ কৰিব কাইলৈৰ দিনটোত। বাগদগৰা, হাচিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱাৰ পৰা বিমান সমূহ শ্ব'ৰ বাবে ৰাওনা হ'ব। এই অনুষ্ঠানলৈ ৩ হাজাৰ অতিথিৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। উজান বজাৰৰ নতুন পাৰ্কৰ পৰাও আপুনি চাব পাৰিব ফ্লায়িং শ্ব'। যি সকলৰ সুবিধা হয় গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও চাব পাৰিব এই এয়াৰ শ্ব'।

Advertisment
Advertisment