Assameseঅসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপনশ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এঘাৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ-২०২৬। জুবিন গাৰ্গৰ সোঁৱৰণিত ভাওনা সমাৰোহ থলীৰ প্ৰদৰ্শনী ক্ষেত্ৰ উছৰ্গা কৰাৰ সিদ্ধান্ত। Naba Gogoi Dec 05, 2025 12:24 ISTঅসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপন৫০০ সূত্ৰধাৰ নৃত্যশিল্পীৰ নৃত্যৰে শুভাৰম্ভ হ'ব সমাৰোহশ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত ২००৬ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে-মূৰে মাজুলীৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈ অহা সদৌ অসম ভাওনা সমাৰোহ ২०২৬ত একাদশবাৰৰ বাবে অনুষ্ঠিত হ'ব। সেই উপলক্ষ্যেই চলিছে ব্যাপক প্ৰস্তুতি। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এঘাৰদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সমাৰোহখনিৰ বাবে শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সমীপৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে। এই উপলক্ষে মণিকাঞ্চন ৰংগক্ষেত্ৰৰ অস্থায়ী বাহৰত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে। উদযাপন সমিতিৰ সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনিত ভাওনা সমাৰোহৰ বিভিন্ন দিশ সম্পৰ্কে উপস্থিত থকা মাজুলীৰ বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলেও মতামত প্ৰকাশ কৰে। ৰাইজৰ উপস্থিতিত নীতি-নিয়মেৰে আয়তীৰ উৰুলি আৰু জয়ধ্বনিৰ মাজত বন্তি প্ৰজ্বলন কৰি ভাওনা সমাৰোহৰ মূল নামঘৰৰ লাইখুঁটা স্থাপন কৰে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী আৰু ডেকাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। উক্ত স্থানতে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ সহযোগত ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এঘাৰদিনীয়াকৈ আয়োজন কৰা ভাওনা সমাৰোহৰ ভিন্ন কাৰ্যসূচী সম্পৰ্কে ব্যক্ত কৰে। অসম আৰু অসমীয়াৰ গৌৰৱ মহান শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ভাওনা সমাৰোহ থলীৰ প্ৰদৰ্শনী ক্ষেত্ৰ উছৰ্গা কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে। সমাৰোহত ব্ৰজাৱলী ভাষাৰ ভাওনাৰ নাটকৰ এখনি সংকলনো প্ৰকাশ পাব।AdvertismentALSO READ: 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদসমাৰোহত প্ৰতিযোগিতাৰ নাট ২০খন আৰু প্ৰদৰ্শনী ভাওনা এখনৰ লগতে মংগলদৈ ছিপাঝাৰৰ খুলীয়া ভাওনা পৰিৱেশন কৰা হ'ব। সমাৰোহৰ উদ্বোধনী কাৰ্যসূচী অনুসৰি ১৮ জানুৱাৰীৰ পুৱা স্থানীয় ৰাইজৰ সহযোগত প্ৰভাতী কীৰ্তনৰ পিছতে ধৰ্মধজ্বা উত্তোলন, মণিকূটৰ দ্বাৰ মুকলি, ভোজনালয় দ্বাৰ উদ্ঘাটন, প্ৰদৰ্শনী দ্বাৰ উন্মোচন আৰু পুৱা ১১ বজাত সত্ৰাধিকাৰসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। উদ্বোধক তথা মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব লগা অনুষ্ঠানটোত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকিব। উক্ত অনুষ্ঠানতে সমাৰোহৰ মূল স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ পিছতে দিনৰ ২-৩० বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচশ সূত্ৰধাৰ নৃত্যশিল্পীৰ নৃত্যৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ হ'ব। ৩-०० বজাৰপৰা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সাংস্কৃতিক সেৱা সমিতিৰ উদ্যোগত অংকীয়া ভাওনা ৰাম বিজয় পৰিৱেশন কৰিব। উদযাপন সমিতিৰ সভাপতি ড০ পীতাম্বৰ দেৱগোস্বামীয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষতো ভাওনা সমাৰোহত ১৮ বছৰৰ ওপৰৰ বিশিষ্ট ভাওনা শিল্পীক 'ভাওনা সূৰ্য' আৰু ১৮ বছৰৰ তলৰ শিশু-কিশোৰ ভাওনা শিল্পীক 'ভাওনা চন্দ্ৰ' শীৰ্ষক দুটি বিশেষ বঁটা প্ৰদান কৰা হ'ব। হিতেশ কুমাৰ দলে, মাজুলী, DY365AdvertismentAdvertisment Read the Next Article