Advertisment

বতৰে ল’ব পাৰে কালৰূপ! জনসাধাৰণলৈ কি আহ্বান প্ৰশাসনৰ?

যোৱা দুই-তিনিদিন ধৰি ৰাজ্যত প্ৰকৃতিয়ে লৈছে কালৰূপ। বতাহ-বৰষুণৰ মাজতে ভূমিকম্প, ভূমিস্খলন আৰু ঠায়ে ঠায়ে ভদীয়া বানৰ তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি।

 FILEPHOTO
FILEPHOTO

বতৰে ল’ব পাৰে কালৰূপ! জনসাধাৰণলৈ কি আহ্বান প্ৰশাসনৰ?

যোৱা দুই-তিনিদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণ। প্ৰকৃতিয়ে লৈছে কালৰূপ। বতাহ-বৰষুণৰ মাজতে ভূমিকম্প, ভূমিস্খলন আৰু ঠায়ে ঠায়ে ভদীয়া বানৰ তাণ্ডৱ। বৰ্তমানেও অব্যাহত থকা প্ৰকৃতিৰ ৰুষ্ট ৰূপে পুনৰ চলাব পাৰে ধ্বংসলীলা। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি।

Advertisment

ৰাজ্যত পুনৰ বতৰে ল’ব পাৰে কালৰূপ। অনাগত ২৪ ঘণ্টাত ৰাজ্যত হ’ব পাৰে প্ৰৱলতকৈ প্ৰৱল বৰষুণ। বিশেষ অথবা জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান প্ৰশাসনৰ। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণলৈ এই বিশেষ আহ্বান প্ৰশাসনৰ। 

আগন্তুক ৩ ৰ পৰা ৪ দিনলৈ ৰাজ্যত প্ৰৱল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ দিনটোত ৰাজ্যৰ ১৭খনকৈ জিলালৈ য়েল্ল’ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলি-ঢেৰেকনিৰে ৰাজ্যত প্ৰৱল বৰষুণৰ সম্ভাৱনাৰে জাৰি কৰিছে সতৰ্কবাণী। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত হৈ আছে নেৰানেপেৰা বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলাত বিগত ২-৩ দিন ধৰি হৈ আছে বৰষুণ। 

কোন কোন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট? য়েল্ল’ এলাৰ্ট জাৰি কৰিছে  ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, কামৰূপ, মৰিগাঁও, দৰং, নগাঁও, কাৰ্বি-আংলং, গোলাঘাট জিলালৈ য়েল্ল’ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, লখিমপুৰ, ধেমাজি জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বুধবাৰৰ দিনটোৰ বাবেও কেইবাখনো জিলালৈ এলাৰ্ট জাৰি।