Assameseজুবিনবিহীন প্ৰথমটো জন্মদিনজুবিনবিহীন আজি প্ৰথমটো জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত আজি কায়িকভাৱে নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে অনুৰাগীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠুক।Mrinmoy Talukdar Nov 18, 2025 12:16 ISTFilephotoজুবিনবিহীন প্ৰথমটো জন্মদিনজুবিনবিহীন আজি প্ৰথমটো জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত আজি কায়িকভাৱে নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন নোহোৱা এই কঠোৰ বাস্তৱক মানি অনুৰাগীয়ে পালন কৰিছে হাৰ্টথ্ৰব জুবিনৰ জন্মদিন। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে অনুৰাগীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠুক।Advertisment১৮ নৱেম্বৰ মানেই অসমীয়াৰ বাবে উৎসৱ আয়োজনৰ দিন। কাৰণ ১৮ নৱেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্ম হৈছিল জুবিন গাৰ্গৰ। কিন্তু..., সকলোবোৰ আগৰ দৰেই আছে। কিন্তু মাথো তেওঁ নাই। কিন্তু কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও প্ৰতিজন অসমীয়াৰ প্ৰতিটোপাল তেজৰ স্পন্দনত নিহিত আছে জুবিন গাৰ্গ, জুবিন গাৰ্গৰ সত্বা। জুবিন গাৰ্গে গাইছিল- 'নভবা কথাটিও হয় চাগে...'। সচাকৈয়ে অসমীয়াই কেতিয়াও নভবা, কল্পনা কৰিব নোৱাৰা কথাটি হঠাতে হৈ গল। ১৯ ছেপ্তেম্বৰ, অসম আৰু অসমীয়াৰ বাবে অভিশপ্ত দিন। ১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পীগৰাকীয়ে। কিন্তু কি পৰিস্থিতিত আমি জুবিন গাৰ্গৰ দৰে এক সত্বাক, এক সম্পদক হেৰুৱাবলগীয়া হ'ল এয়া এতিয়াও এক ডাঙৰ প্ৰশ্নবোধক। জুবিন গাৰ্গৰ মৃত্যুৰ ৬১ দিনৰ পিছতো আজি ৰাজ্যবাসীৰ চকুলো আঁতৰা নাই। ৰাজ্যবাসীৰ এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব। সকলোৱে সামাজিক মাধ্যমত লিখিছে #JusticeForZubeenGarg।নিশাৰে পৰা জুবিন গাৰ্গৰ সমাধিস্থল সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অজস্ৰজনৰ। সকলোৱে হাতত কেক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰত উপস্থিত হৈছে হাজাৰ হাজাৰ লোক। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিছে অনুৰাগীসকল। ১২ বজাৰ লগে লগে কেক কটাৰ সমান্তৰালকৈ সকলোৱে একেলগে পৰিবেশন কৰিছে "মায়াবিনী ৰাতিৰ বুকুত"। কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত আজি প্ৰথমটি জন্মদিন। প্ৰিয় শিল্পীগৰাকীক জন্মদিনত আজি গীতে-মাতে সুৱৰিব ৰাজ্যবাসীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সোঁৱৰণ-শ্ৰদ্ধাঞ্জলিৰে জন্মদিন পালনৰ চলিছে প্ৰস্তুতি। কাহিলিপাৰাৰ বাসগৃহ চৌহদত জন্মদিনতেই স্থাপন কৰা হ’ব জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি। জ্যোতি শংকৰ ভট্টাচাৰ্যই নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিটো। অবিশ্বাস্য হ’লেও জুবিন গাৰ্গৰ অবৰ্তমানত আজি প্ৰথমটো জন্মদিন। ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত কায়িকভাৱে নাই জুবিন গাৰ্গ। কঠোৰ বাস্তৱক মানি অনুৰাগীয়ে পালন কৰিছে হাৰ্টথ্ৰব জুবিনৰ জন্মদিন। মায়াবিনী গীতেৰে জুবিনক সুঁৱৰিছে অনুৰাগী, ৰাজ্যবাসীয়ে। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে স্মৰণ হিয়াৰ আমঠুক। পূৰ্বতে জন্মদিনৰ নিশা জুবিনৰ ঘৰত ভিৰ কৰিছিল শ শ অনুৰাগীয়ে। হাতে হাতে কেক লৈ অপেক্ষা কৰিছিল জুবিনৰ দুৱাৰৰ সন্মুখত। জন্মদিনৰ কেক কাটি প্ৰথমে নিজে খাইছিল জুবিনে। কিন্তু মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া নাই জুবিন গাৰ্গ। তথাপি জানো উদযাপন নকৰাকৈ থাকিব পাৰি হাৰ্টথ্ৰৱৰ জন্মদিন। সেয়ে অনুৰাগীৰ সোঁত বৈছে জুবিন ক্ষেত্ৰলৈ, জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহলৈ। জুবিনৰ মৃত্যু হ'ব নোৱাৰে। অসমীয়া জাতি জীয়াই থকালৈকে প্ৰতিজন অসমীয়াই বুকুৰ মাজত আলফুলে জীয়াই ৰাখিব প্ৰাণৰ শিল্পীক। ৫৩ সংখ্যক জন্মদিনত বিছাৰো- জুবিন গাৰ্গে ন্যায় পাওক, #JusticeForZubeenGarg। Zubeen GargAdvertismentAdvertisment Read the Next Article