"আৰু কিছু বেলি দেখা দিবা নেকি...সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ। উতপতীয়া, শিশুসুলভ জুবিন গাৰ্গক প্ৰতিজন অসমীয়াই আজি মায়াবিনী গাই জগাবলৈ চেষ্টা কৰিছে। কিন্তু জুবিন আৰু নুঠে। জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ। জুবিন অহিবনে নিজকে কল্পনা কৰিব নোৱাৰা প্ৰতিজনে পাৰ কৰিছে এতিয়া উজাগৰী নিশা। Advertisment জুবিনক হেৰুৱাই মৰ্মাহত অসমীয়া। অসমীয়াই কোনোকালে বিদায় দিব নোৱাৰে জুবিনক। অসমীয়া জাতি জীয়াই থকালৈকে অসমীয়াৰ প্ৰাণত প্ৰতিধ্বণিত হৈ থাকিব হেঁপাহৰ জুবিন। জুবিনক চাবলৈ লাখ লাখ অনুৰাগীয়ে ভিৰ কৰিছে সৰুসজাইত। লাখ লাখ অনুৰাগীয়ে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীক। আজি ওৰে ৰাতি জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব গুণমুগ্ধই। কাইলৈও জুবিনৰ নশ্বৰ দেহ ৰখা হ'ব সৰুসজাইত। জুবিনক শেষ শ্ৰদ্ধা জনাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীত ভিৰ কৰিছে অনুৰাগীয়ে। জুবিনৰ কথামতেই আজি সমগ্ৰ অসমীয়াই গাইছে মায়াবিনী ৰাতিৰ বুকুত। সৰুসজাইৰো আকাশ-বতাহ মুখৰিত হৈছে মায়াবিনী ধ্বণিৰে। জুবিনক হেৰুৱাই আজি ডেউকা ভঙা পক্ষীৰ দৰে ছটফটাইছে অসমীয়াই। নাই অসমীয়াই বিদায় কেতিয়াও বিদায় দিব নোৱাৰে জুবিনক। সৰুসজাইত লাখ লাখ অনুৰাগীৰ ভিৰ। সৰ্বত্ৰে জয় জুবিনদা ধ্বনি। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প"ৰ্টছ কমপ্লেক্সত জনসমুদ্ৰ। বিৰ দি বাট নোপোৱা পৰিৱেশ। প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চোৱাৰ অপেক্ষাত অজস্ৰ অনুৰাগী। প্ৰখৰ ৰ'দকো নেওচি সৰুসজাইত অনুৰাগীৰ ভিৰ। প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ জনতাৰ দীঘলীয়া শাৰী। অন্তিমবাৰৰ বাবে প্ৰিয় শিল্পী জুবিনক চাবলৈ ঢপলিয়াই আহিছে অজস্ৰজন। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ পৰা সোঁত বৈছে অনুৰাগীৰ। আজিও ওৰেনিশা হাৰ্টথ্ৰবলৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে। মঙলবাৰে পুৱা ৮ বজাত সৰুসজাইৰ পৰা আৰম্ভ হ"ব জুবিনৰ শেষযাত্ৰা। সোণাপুৰৰ হাতীমূৰাত শেষকৃত্য সম্পন্ন হ"ব অসমীয়াৰ মৰমৰ জুবিন গাৰ্গৰ। ইতিমধ্যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে সকলো যাৱতীয় ব্যৱস্থা। যুদ্ধকালীন তৎপৰতাৰে ৰাজ্য চৰকাৰে সাজু কৰিছে সকলো প্ৰস্তুতি। দেওবাৰে দিনত মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে পৰিদৰ্শন কৰিছিল সমাধিক্ষেত্ৰ। নিশাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বুজ লয় শেষকৃত্যৰ প্ৰস্তুতি। অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু কৰা ঠাইখিনি নিশা পুনৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গই প্ৰায় সাজু কৰি তুলিছে অন্ত্যেষ্টিক্ৰিয়া ক্ষেত্ৰ। কাইলৈ পুৱা সৰুসজাইৰ পৰা হাতীমূৰালৈ নিয়া হ"ব জুবিনৰ নশ্বৰদেহ।"