Advertisment

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ

শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ। কান্দি কান্দি অনুৰাগীক সেৱা জনাই গৰিমাই জুবিনৰ ন্যায়ৰ বাবে দাবী তুলিবলৈ জনালে অনুৰোধ।

 জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ

জুবিনৰ সমাধিৰ পৰা গৰিমাৰ কান্দি কান্দি ৰাইজলৈ আহ্বান
‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’

Advertisment

‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’। 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক'। '#JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী তোলক সকলোৱে'। 'জুবিনৰ ন্যায়ৰ যুঁজত আমি সদায়ে বৰ্তী হৈ থাকিব লাগিব'। 'সদায় সকলোৱে জুবিনৰ ন্যায়ৰ বাবে #JusticeForZubeen লিখিব'। 

শুকুৰবাৰে নিশা সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হয় শিল্পী জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ। কান্দি কান্দি অনুৰাগীক সেৱা জনাই গৰিমাই জুবিনৰ ন্যায়ৰ বাবে দাবী তুলিবলৈ জনালে অনুৰোধ। সমাধিস্থলীত চলি থকা নাম–প্ৰসংগতো অংশগ্ৰহণ গৰিমা শইকীয়া গাৰ্গৰ। সোণাপুৰত মাজনিশালৈ অনুৰাগীৰ সোত দেখি আৱেগিক হৈ পৰে গৰিমা। স্বামীৰ সমাধিক্ষেত্ৰৰ পৰাই কান্দি কান্দি অসমবাসীক সামাজিক মাধ্যমত #JusticeforZubeenGarg লিখি ন্যায়ৰ দাবী কৰিবলৈ আহ্বান জনালে।

জুবিনৰ পত্নী গৰিমাই কান্দি কান্দি কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সমাধিক্ষেত্ৰত উপস্থিত থকা ৰাইজে দিলে জয় জুবিন দা ধ্বনি। জয় জুবিন দা ধ্বনিত মুখৰিত সমাধিক্ষেত্ৰৰ আকাশ-বতাহ।

উল্লেখ্য যে, স্বামী জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰুৱাৰ বেদনা, আনফালে স্বামীক ন্যায় প্ৰদানৰ যুঁজ! জুবিনৰ ন্যায়ৰ বাবে কেতিয়াবা যদি গৰিমাই সামাজিক মাধ্যমত আৱেগিক পোষ্ট কৰিছে আকৌ কেতিয়াবা কান্দি কান্দি ন্যায় প্ৰদানৰ আহ্বান জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে।

ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ ২২টা দিন উকলি গ’ল। এতিয়াও ন্যায়ৰ আশাত বন্দী অসমৰ জনতা। SIT-এ দৈনিক জেৰা অব্যাহত ৰাখিছে বিভিন্নজনক। এইপৰ্যন্ত তদন্তকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিছে ৭জনক। SIT-এ এইপৰ্যন্ত স্পষ্ট কৰিব পৰা নাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ।