Assameseমুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে ৰফিকুল ইছলামকৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে এটি ৬ বছৰীয়া শিশুক। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যুক আকোৱালি লয় ৰফিকুল ইছলাম নামৰ শিশুটোৱে। দুৰ্ঘটনাক লৈ বকোৰ ছমৰীয়া বদলাত উত্তপ্ত পৰিস্থিতি।Mrinmoy Talukdar Dec 09, 2025 20:04 ISTFilephotoমুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে ৰফিকুল ইছলামকৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে এটি ৬ বছৰীয়া শিশুক। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যুক আকোৱালি লয় ৰফিকুল ইছলাম নামৰ শিশুটোৱে। দুৰ্ঘটনাক লৈ বকোৰ ছমৰীয়া বদলাত উত্তপ্ত পৰিস্থিতি।AdvertismentRead More- বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!এইবাৰ মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে সংঘটিত কৰিলে এক ভয়ংকৰ দুৰ্ঘটনা। বকোত আজি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ৰাজহুৱা সভা। এই সভাতে ৰাজ্যৰ লাখ লাখ লোকক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন পত্ৰ। বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ছমৰীয়া, বকো-ছয়গাঁও আৰু পলাশবাৰী সমষ্টি ভিত্তিত আয়োজিত উক্ত সভালৈ বিজেপিৰ কাৰ্যকৰ্তা কঢ়িয়াই আনিছিল AS01 - KC-5080 নম্বৰৰ বাছ খনে। কিন্তু বিজেপিৰ কাৰ্যকৰ্তা কঢ়িয়াই অনা বাছখনে সংঘটিত কৰিলে এক ভয়ংকৰ দুৰ্ঘটনা। Read More- অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰীমুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে এটি ৬ বছৰীয়া শিশুক। বকোৰ ছমৰীয়া বদলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় শিশুটিৰ। শিশুটি আছিল ৰফিকুল ইছলাম। তাৰ পাছতেই ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে আবদ্ধ কৰি ৰাখে দুৰ্ঘটনা সংঘটিত কৰা বাছৰ চালকক। অৱশেষত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ৬ বছৰীয়া কনমানি শিশু ৰফিকুল ইছলামৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।Read More- কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?AdvertismentAdvertisment Read the Next Article