Advertisment

ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ

গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানত অনাকাংক্ষিত ঘটনা। পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ আহি এগৰাকী মহিলা সন্মুখীন হ’ল তিক্ত অভিজ্ঞতাৰ। সামাজিক মাধ্যমত মহিলাগৰাকীয়ে আপলোড কৰিলে এটা ভিডিঅ’। ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰশাসনক লৈও উত্থাপিত হৈছে বহু প্ৰশ্ন। 

 Filephoto
Filephoto

অসৎ উদ্দেশ্যেৰে মহিলাক স্পৰ্শ উদণ্ড যুৱকৰ
ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ

Advertisment

গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানত অনাকাংক্ষিত ঘটনা। পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ আহি এগৰাকী মহিলা সন্মুখীন হ’ল তিক্ত অভিজ্ঞতাৰ। সামাজিক মাধ্যমত মহিলাগৰাকীয়ে আপলোড কৰিলে এটা ভিডিঅ’। ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰশাসনক লৈও উত্থাপিত হৈছে বহু প্ৰশ্ন। 

Read More- পুনৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ

পোষ্ট মেলনৰ কনচাৰ্টৰ সময়ত মহিলী পৰ্যটকক অশালীন ব্যৱহাৰ কৰাৰ উত্থাপন হৈছে অভিযোগ। এগৰাকী ভুক্তভোগী মহিলাই ভিডিঅ’যোগে ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্যে যে কনচাৰ্ট চাবলৈ অহা বিদেশী মহিলাগৰাকী সন্মুখীন হৈছিল এক তিক্ত অভিজ্ঞতাৰ। একাংশ উদণ্ড যুৱকে অসৎ উদ্দেশ্যেৰে মহিলাগৰাকীক স্পৰ্শ কৰাৰ অভিযোগ। সামাজিক মাধ্যমত মহিলাগৰাকীয়ে ভিডিঅ’ যোগে আনিলে এই অভিযোগ।  

Read More- কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন কৰা মহিলাগৰাকী হৈছে এগৰাকী বিদেশী ব্ল'গাৰ। নিজৰ অভিজ্ঞতা সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে মহিলাগৰাকীয়ে লিখিছে, "ভাৰতৰ মহিলাসকলৰ বাবে কনচাৰ্ট এক নিৰাপদ স্থান বুলি আপুনি ভাবেনে? যোৱা নিশা গুৱাহাটীৰ পোষ্ট মেলন কনচাৰ্টত পাছত এই প্ৰশ্নটো অতি গুৰুতপূৰ্ণ হৈ পৰিছে। ভিৰৰ মাজত মোক আৰু এগৰাকী মহিলাক একাংশ উদণ্ড যুৱকে অসৎ উদ্দেশ্যেৰে স্পৰ্শ কৰিছে। অত্যন্ত দুখৰ বিষয় যে এই ধৰণৰ কাণ্ডৰ বাবে আমি কনচাৰ্টটো উপভোগ কৰিব পৰা নাছিলো"।

Read More- বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!

তাৰ পাছত মহিলাগৰাকীয়ে কৈছে- " কনচাৰ্টত সেয়া সাধাৰণ ভিৰ বা ঠেলা-হেচা নাছিল। ই আছিল মহিলাৰ ওপৰত হোৱা হিংসা আৰু ৰাজহুৱা স্থানত হোৱা হাৰাশাস্তি আৰু অপদস্থৰ দৰে এক বিষয়ৰ।”

Read More- পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

“যিমানেই ডাঙৰ নহওক কিয়, কোনো কনচাৰ্টেই নাৰীক সংগীত উপভোগ কৰা আৰু নিজৰ শৰীৰক সুৰক্ষা দিয়াৰ মাজৰ পৰা এটা বাছি ল’বলৈ বাধ্য কৰাব নালাগে। মই একেবাৰে স্পষ্টকৈ ক’ব বিচাৰিছো যে, এয়া সামগ্ৰিকভাৱে গুৱাহাটীৰ প্ৰতিফলন নহয়। ইয়াত থকা সময়ছোৱাত আমি অতিশয় উদাৰতা, উষ্মা আৰু প্ৰকৃত আতিথ্যৰ অভিজ্ঞতা লাভ কৰিছো। যোৱা নিশা আমি অগণন মানুহক লগ পাইছিলো যিসকল আছিল মৰমিয়াস, সন্মানীয় আৰু সেই মুহূৰ্তটোৰ বাবে এক্সচাইটেড হৈ আছিল। কিন্তু মাত্ৰ কেইজনমান পুৰুষৰ বাবেই সমগ্ৰ পৰিৱেশটো বেয়া হ'ল।কেৱল কনচাৰ্টতে নহয়, সকলোতে মহিলাসকলে নিৰাপত্তা অনুভৱ কৰিব পৰা হ'ব লাগে।"

Read More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান

Advertisment
Advertisment