Assameseপৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিছে ন ন পৰিভ্ৰমী চৰাইৰ। পৰিভ্ৰমী পক্ষী তথা চৰাইৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অভয়াৰণ্যখনৰ জলাশয়সমূহত এই পৰিভ্ৰমী পক্ষীৰ জাক সমূহে সৃষ্টি কৰিছে আকৰ্ষণীয় দৃশ্যৰ। Jyotiprasad Sarma Dec 09, 2025 11:35 ISTপৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান Photograph: (DY365)পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানকুঁৱলীৰ আচ্ছাদন ফালি ধৰালৈ নামিছে শীত। শীতৰ এই সময়ছোৱাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিছে ন ন পৰিভ্ৰমী চৰাইৰ। পৰ্যটকক হাত বাউলী মাতিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্যই। Advertismentৰাজ্যৰ ভিন্ন প্ৰান্তত থকা নদী-জলাশয়লৈ শীতৰ এই সময়ছোৱাত আগমন ঘটে পৰিভ্ৰমী চৰাইৰ। যি দৃশ্যই হাত বাউলি মাতে দেশী-বিদেশী পৰ্যটকক। অসমৰ পৰ্যটনস্থলী সমূহৰ ভিতৰত এখন উল্লেখযোগ্য পৰ্যটনস্থলী হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান।Also Read: প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনাএতিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈও আগমন ঘটিছে ন ন পৰিভ্ৰমী চৰাইৰ। পৰিভ্ৰমী পক্ষী তথা চৰাইৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অভয়াৰণ্যখনৰ জলাশয়সমূহত এই পৰিভ্ৰমী পক্ষীৰ জাক সমূহে সৃষ্টি কৰিছে আকৰ্ষণীয় দৃশ্যৰ। যাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে নানা দেশী-বিদেশী পৰ্যটকৰ। কুঁৱলীৰে আঁৱৰি থকা উদ্যানখনৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ লগতে বন্যপ্ৰাণীৰ বিচৰণৰ দৃশ্যই আপ্লুত কৰিছে পৰ্যটকসকলক।Also Read: কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীকি নাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত? সম্প্ৰতি পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বাঘৰ বাবে উদ্যানখন বিখ্যাত যদিও পৰ্যটকসকলে সন্মুখৰ পৰা সদায়েই দেখিবলৈ পাইছে অসম গৌৰৱ এশিঙিয়া গঁড়৷ উদ্যানখনত গঁড়, বাঘৰ উপৰিও আছে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি৷ পেলিকান, ব্লেক নেক ষ্ট্ৰৰ্ক, অলিভ নেক আদি ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে উদ্যানখনলৈ। ইয়াৰ উপৰি সেউজীয়া পৰিৱেশত নিচেই কাষৰ পৰা অসম গৌৰৱ এশিঙীয়া গঁড়, বন গাহৰি, বান্দৰ, হৰিণাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিয়ে ভ্ৰমণ আমোদ দিছে পৰ্যটকসকলক। Also Read: ছাকিৰা আহিব গুৱাহাটীলৈউদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি, পৰ্যটকৰ বাবে ইতিমধ্যে ল'জ, টেণ্ট আদিকে ধৰি সকলো সুবিধা সাজু হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত। উল্লেখযোগ্য যে, উদ্যানখনত পৰ্যটক সকলে বন্যপ্ৰাণী চোৱাৰ উপৰি পাব অন্য এক সুকীয়া আমোদ। বনকৰ্মীৰ সহযোগ, উদ্যানৰ ভিতৰভাগৰ মনোৰম পৰিৱেশৰ লগতে প্ৰায়বোৰ স্থানতে ভিউ পইণ্টে আপ্লুত কৰিব ভ্ৰমণকাৰীসকল। AdvertismentAdvertisment Read the Next Article