Advertisment

পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক! পাকিস্তান লিংকৰ অভিযোগত গ্ৰেপ্তাৰ তেজপুৰ বৰঝাৰ গাঁওৰ শইকীয়া চুবুৰীৰ জ্যোতিকা কলিতা। উল্লেখ্য যে পাকিস্তানী নাগৰিকৰে বিগত ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল জ্যোতিকা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য। 

 Filephoto
Filephoto

 পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক! পাকিস্তান লিংকৰ অভিযোগত গ্ৰেপ্তাৰ তেজপুৰ বৰঝাৰ গাঁওৰ শইকীয়া চুবুৰীৰ জ্যোতিকা কলিতা। উল্লেখ্য যে পাকিস্তানী নাগৰিকৰে বিগত ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল জ্যোতিকা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য। 

Advertisment

Read More- কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো!

জানিব পৰা মতে, শত্ৰুৰাষ্ট্ৰপাকিস্তানৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেজপুৰৰ জ্যোতিকা কলিতা নামৰ যুৱতীগৰাকী। তাৰ পাছতেই জ্যোতিকা কলিতাৰ একাউণ্টত ডুবাইৰ পৰা ধন সোমোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। কেৱল জ্যোতিকা কলিতাৰ একাউণ্টতেই নহয়, জ্যোতিকাৰ পৰিয়ালৰ লোকৰ একাউণ্টতো ডুবাইৰ পৰা টকা সোমাইছিল। এই অভিযোগতে জ্যোতিকা কলিতাৰ পৰিয়ালৰ সদস্য জিতু কলিতা, চিমু দাস, অভিজিত্‍ দাসকো গ্ৰেপ্তাৰ কৰিছিল শোণিতপুৰ আৰক্ষীয়ে। উল্লেখ্য যে পৰিয়ালটোৰ পৰা ৪৪খন ATM কাৰ্ডৰ লগতে ১৭টা বেংক পাছবুক জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

Read More- ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ

উল্লেখ্য যে জ্যোতিকা কলিতা আৰু পৰিয়ালৰ লোকসকলৰ একাউণ্টত বহিৰাষ্ট্ৰৰ পৰা ধন সোমোৱাৰ তথ্য পাই চাৰিওজনকে গ্ৰেপ্তাৰ কৰি তদন্ত কৰিছিল শোণিতপুৰ আৰক্ষীয়ে। তদন্তত আৰক্ষীয়ে লাভ কৰিছিল বহু বিষ্ফোৰক তথ্য। তাৰ পাছতেই অধিক তদন্তৰ বাবে মুখ্য অভিযুক্ত জ্যোতিকা কলিতাক ন্যায়ালয়ে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকীকেইজনক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷

Read More- ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জন

তাৰ পাছতেই জ্যোতিকা কলিতাক চলোৱা জেৰাৰ অন্তত আৰক্ষীয়ে জ্যোতিকাৰ পাকিস্তানৰে যোগাযোগ থকাতো নিশ্চিত হয়৷ যোৱা ২৫ ফেব্ৰুৱাৰীত UAEত থকা এজন পাকিস্তানী নাগৰিকৰ স'তে বিবাহপাশত আৱদ্ধ হৈছিল জ্যোতিকা কলিতা৷ বিবাহৰ পাছৰে পৰা জ্যোতিকাই ডুবাইকে ধৰি কেবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ আৰক্ষীয়ে ধৃত জ্যোতিকা আৰু পৰিয়ালৰ পৰা ৪৪ খন ATM কাৰ্ডৰ লগতে ১৭টা বেংক পাচবুক, চেকবুক আদি জব্দ কৰিবলৈ সক্ষম হৈছে৷

Read More- বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

Advertisment
Advertisment