Advertisment

বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে টকা। কোটি কোটি অনুদান দিছে মুছলমান লোকে। টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছিল কেইবাটাও মেচিন। এইপৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি অনুদান। 

 FILEPHOTO
FILEPHOTO

মুছলমানে দেখুৱালে চমক!
বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে টকা। কোটি কোটি অনুদান দিছে মুছলমান লোকে। টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছিল কেইবাটাও মেচিন। এইপৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি অনুদান। 

Advertisment

পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মান কৰা হ'ব বাবৰি মছজিদ। ৬ ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। বাবৰি মছজিদ নিৰ্মানৰ নেতৃত্বত পশ্চিমবংগৰ তৃণমুল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰ। 

বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে টকা। হিয়া উজাৰি টকা দিছে মুছলমান সমাজে। উল্লেখ্য যে বাবৰি মছজিদ নিৰ্মাণত ব্যয় হ'ব প্ৰায় ৬৫ ​​কোটি টকা। অনলাইন আৰু অফলাইনযোগে এইপৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি টকা অনুদান। বিধায়ক হুমায়ুন কবীৰে দিছিল দিছিল এক ফেচবুক লাইভ। ফেচবুক লাইভ দেখি হতচকিত হৈছিল সকলো।  ফেচবুক লাইভত দেখিবলৈ পোৱা গৈছিল যে বাবৰি মছজিদ নিৰ্মাণৰ বাবে অহা অনুদানৰ টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে কেইবাটাও মেচিন। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়েও দিছিল ৮০ লাখ টকা। 

অযোধ্যাত ভাঙি পেলোৱা বাবৰি মছজিদৰ আৰ্হিত পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হৈছে এটা মছজিদ। যোৱা ৬ ডিচেম্বৰত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়ক হুমায়ুন কবীৰে। বিধায়ক হুমায়ুন কবীৰে দাবী কৰা অনুসৰি আধাৰশিলা স্থাপনৰ মাত্ৰ তিনি-চাৰি দিনৰ ভিতৰতে বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি টকা অনুদান। আনহাতে বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ পিছতে হুমায়ুন কবীৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা, উচটনি দিয়া আৰু বাবৰি মছজিদ বিষয়টোক লৈ ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে বিধায়ক হুমায়ুন কবীৰক ইতিমধ্যেই দলৰ পৰা নিলম্বনো কৰিছে শাসকীয় তৃণমুল কংগ্ৰেছ দলে।

Advertisment
Advertisment