Advertisment

কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো!

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় ৩টা মাহ।। কিছুসময়ৰ পাছতে আজি SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য। 

 Filephoto
Filephoto

কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো!

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় ৩টা মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কিছুসময়ৰ পাছতে SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য। 

Advertisment

Read More- আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ।

আজি ১২ ডিচেম্বৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। প্ৰতিজন অসমীয়াই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে এই দিনটোলৈ। জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে অৱহেলা কৰি মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল- সকলো ফাদিল হ'ব এই ৰহস্যত। 

Read More- শিলচৰত চলিল প্ৰশাসনৰ বুলড’জাৰ, ভাঙি পৰিল কেইবামহলীয়া অট্টালিকা

১৯ ছেপ্তেম্বৰৰ এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। তাৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছিল SIT। আনহাতে SITৰ তদন্তৰ মাজতেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য ভেদ কৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল চাঞ্চল্যকৰ মন্তব্য। ৰহস্যজনক মৃত্যু নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল- স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এই কথা। সংবাদমাধ্যমৰ সম্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৈছিল- ‘এতিয়া মই জুবিনৰ ৰহস্যজনক মৃত্যু বুলি নকওঁ, ডাইৰেক্ট হত্যা বুলিয়ে কম’। কিন্তু প্ৰশ্ন হৈছে যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে তেনেহলে কিয়, কিহৰ বাবে হত্যা কৰা হ'ল জুবিন গাৰ্গক? কোনে হত্যা কৰিলে প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? 

Read More- বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

ইতিমধ্যে বিধানসভাতো মুখ্যমন্ত্ৰীয়ে কৈছে, ছিংগাপুৰত এজনে হত্যা কৰিছিল জুবিন গাৰ্গক। হত্যাত ৪–৫জনে সহায় কৰিছিল। ক'ভিডৰ সময়ৰ পৰা ৰচিত হৈছিল জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ। টকা–পইচাৰ বাবে হত্যা কৰা হৈছিল জুবিন গাৰ্গক।

Read More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান

কিছু সময় পাছত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত SIT-এ দাখিল কৰিব চাৰ্জশ্বীট। গ্ৰেপ্তাৰ হোৱা ৭ অভিযুক্তৰ বিৰুদ্ধে হ’ব এই চাৰ্জশ্বীট। কাক কাক জুবিন হত্যাৰ লগত SIT-এ জড়িত কৰে সেয়া লক্ষ্যণীয় হ’ব। 

Read More- পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আনহাতে মুখ্যমন্ত্ৰীয়ে বিধানসভাত জুবিন গাৰ্গক হত্যা কৰা বুলি ঘোষণা কৰাৰ পিছত এতিয়া চাৰ্জশ্বীটত কি আছে সেয়া জানিবলৈ উদগ্ৰীৱ অসমবাসী। প্ৰশ্ন হৈছে এজনো দোষী সাৰি যাব নোৱৰাকৈ পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰিব পাৰিবনে SITএ?

Read More- ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ

Advertisment
Advertisment