Assameseৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জনৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে এবছুৰ বিশাল জোঁৰ সমদল। কেইবাটাও দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰ্জন এবছুৰ। হাতে হাতে জোঁৰ লৈ শ শ লোকে কঁপাই তুলিলে আকাশ-বতাহ। শীঘ্ৰে দাবী পূৰণৰ আহ্বান এবছুৰ। Jyotiprasad Sarma Dec 11, 2025 21:10 ISTৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জন Photograph: (DY365)ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জনবিশাল জোঁৰ সমদলেৰে কঁপাই তুলিলে ৰাজপথ ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে এবছুৰ বিশাল জোঁৰ সমদল। কেইবাটাও দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰ্জন এবছুৰ। হাতে হাতে জোঁৰ লৈ শ শ লোকে কঁপাই তুলিলে আকাশ-বতাহ। শীঘ্ৰে দাবী পূৰণৰ আহ্বান এবছুৰ। Advertismentদুধনৈত এবছুৰ বৃহৎ জোঁৰ সমদল৷ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে দক্ষিণ কামৰূপ আৰু গোৱালপাৰাৰ ৩১২খন বড়ো গাঁও অধিসূচনাৰ জৰিয়তে BKWACত অন্তৰ্ভুক্তিৰ দাবী৷ BTRৰ বাহিৰত বড়ো ভাষাত টেট অনুষ্ঠিত কৰা, বড়ো মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ, গোৱালপাৰা জিলাত ১০০ৰো অধিক খালী হৈ থকা পদত শিক্ষক নিযুক্তি দিয়াৰ দাবীত এবছুৰ এই প্ৰতিবাদ৷বড়োলেণ্ড অঞ্চলৰ লগতে অসমত শান্তি-সম্প্ৰীতি গঢ়ি তোলাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ই ২০২০ চনৰ ২৭ জানুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ মাজত এক বড়ো শান্তি চুক্তি স্বাক্ষৰিত কৰিছিল৷ Also Read: অৰুণাচলত দুটাকৈ সন্দেহজনক ISIৰ এজেণ্টক গ্ৰেপ্তাৰচুক্তিখন স্বাক্ষৰিত হোৱাৰ পাঁচটা বছৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু চুক্তিখনত থকা কিছুমান গুৰুত্বপূৰ্ণ দফা ৰূপায়ণ কৰাত বিলম্ব হোৱা দেখা গৈছে অথবা চৰকাৰে এই সমস্যা সমূহ সমাধানৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাই৷ সেয়েহে এই সমস্যা সমূহৰ সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ ৩০খন জিলাৰ লগতে আজি সন্ধিয়া দুধনৈত গোৱালপাৰা জিলা এবছুৰ উদ্যোগত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে। এবছু গোৱালপাৰা জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা হয় এই প্ৰতিবাদী সমদল। শ শ প্ৰতিবাদকাৰীয়ে কঁপাই তোলে দুধনৈৰ আকাশ-বতাহ। Also Read: কাইলৈ ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য!চুক্তি ৰূপায়ণ অবিহনে আমি ক্ষান্ত নহওঁ, আমাক ন্যায় লাগিবই, আমাক ভূমিৰ অধিকাৰ দিয়ক, ৩১২খন বড়ো অধ্যুষিত গাঁও বি কে ডব্লিউ এ চিত অন্তৰ্ভুক্তি কৰক, বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু শিক্ষক নিযুক্তি দিয়ক, ভেদাভেদৰ ৰাজনীতি নকৰিব, বিটিআৰৰ বাহিৰত থকা বড়ো সকলৰ বাবে সুকীয়াকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰক আদি ধ্বনিৰে দুধনৈৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে৷ আজিৰ প্ৰতিবাদী সমদলৰ জৰিয়তে বড়ো ছাত্ৰ সংগঠনটোৱে অসম চৰকাৰক তেওঁলোকৰ সমস্যা সমূহ আগন্তুক বিধানসভা নিৰ্বাচনৰ আগতে সমাধান কৰাৰ বাবে দাবী জনাই৷ Also Read: নাবালিকাৰে জঘন্য কাণ্ড ইটা ভাটাৰ মালিকৰইফালে, চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ জোঁৰ সমদল। কেইবাটাও দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰ্জন এবছুৰ। ভিন্ন দাবীত এবছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কাজলগাঁৱত জোঁৰ সমদল উলিয়াই শীঘ্ৰেই দাবী পূৰণ কৰাৰ আহ্বান জনাই প্ৰতিবাদকাৰীয়ে।গহপুৰতো এবছুৰ বিশাল জোঁৰ সমদল। পাঁচদফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদী জোঁৰ সমদল। প্ৰায় দুই হাজাৰ পুৰুষ-মহিলাই হাতে হাতে জোঁৰ লৈ কঁপাই তুলিলে গহপুৰৰ আকাশ-বতাহ। বিশ্বনাথ জিলা এবছুৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচী।Also Read: বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকাআনহাতে, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ উপস্থিতিত তামুলপুৰতো উলিয়াই এক বিশাল জোঁৰ সমদল। বিটিআৰ শান্তি চুক্তিৰ এশ শতাংশ ৰূপায়ণৰ দাবীত তামুলপুৰৰ ৰাজপথত এবছুৱে জোঁৰ সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। মটঙা চ'কস্থিত এবছু কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা জোঁৰ সমদলটো তামুলপুৰৰ ৰাজপথেৰে ৩ কিলোমিটাৰ অতিক্ৰম কৰি জিলা সদৰৰ ঘগ্ৰা চ'কস্থিত লেৰোৰাম বড়ো সমন্বয় ক্ষেত্ৰত সামৰণি পৰে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ। উল্লেখ্য যে, এবছুৰ বিভিন্ন দাবী সমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। AdvertismentAdvertisment Read the Next Article