Assameseওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ!বিটিচিৰ ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ। খৈৰাবাৰী পৰিষদীয় সমষ্টিত এখন বাঁহৰ দলঙে দাঙি ধৰিছে প্ৰকৃত উন্নয়নৰ ছবি। পানেৰী বিধানসভা সমষ্টিৰ ৰঙাগাঁৱৰ এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে কেইবাখনো গাঁৱৰ ৰাইজক। Jyotiprasad Sarma Dec 08, 2025 14:02 ISTওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ! Photograph: (DY365)ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ!এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে ৰাইজকবিটিচিৰ ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ। খৈৰাবাৰী পৰিষদীয় সমষ্টিত এখন বাঁহৰ দলঙে দাঙি ধৰিছে প্ৰকৃত উন্নয়নৰ ছবি। পানেৰী বিধানসভা সমষ্টিৰ ৰঙাগাঁৱৰ এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে কেইবাখনো গাঁৱৰ ৰাইজক। স্বাধীনতাৰ সাতটাকৈ দশক অতিক্ৰম কৰা পিছতো উন্নয়নে ঢুকি পোৱা নাই খৈৰাবাৰীৰ ৰঙাগাঁও, খুশীগাঁওকে ধৰি কেইবাখনো গাঁৱক।AdvertismentAlso Read: বৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!নিৰ্বাচন আহে আৰু যায়, সলনি হয় জনপ্ৰতিনিধি। কিন্তু সলনি নহ'ল এখন বাঁহৰ দলং। চৰকাৰলৈ বাট চাই চাই অৱশেষত গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলংখন। বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি অহা অঞ্চলটোৰ পুৰুষ-মহিলাকে ধৰি সকলো ওলাই আহি মেৰামতি কৰিলে বাঁহৰ দলংখন। বিগত ৩০টা বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে বাঁহৰ দলংখন।ওদালগুৰিৰ ৰঙাগাঁও, খুশীগাঁও, চেউনী, কাকাৰামাৰী, নিছিলামাৰীকে ধৰি কেইবাখনো গাঁৱৰ পৰা খৈৰাবাৰী-গোৰেশ্বৰ-ভেৰগাঁও সংযোগী একমাত্ৰ ব্যস্ত গ্ৰাম্য পথটোত থকা জৰাজীৰ্ণ বাঁহৰ দলংখনৰ বাবে দীৰ্ঘদিনে সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ। ভঙা দলংখনৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জৰুৰীকালীন সেৱা এম্বুলেন্স অহা-যোৱা কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে।Also Raed: চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জনউল্লেখ্য যে, এই পথটোৰে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নিতৌ ৰজাঘৰীয়াৰ বৰমূৰীয়া নেতা-পালিনেতা অহা-যোৱা কৰে যদিও কোনোদিনে চকুত নপৰিল দলংখন। আজিলৈকে কোনো এজন জনপ্ৰতিনিধিয়ে আহৰি নাপালে ৰাইজৰ অভিযোগৰ বুজ ল'বলৈ। বিগত সময়ত বিটিআৰক ছুইজাৰলেণ্ড বনোৱাৰ সপোন ৰচা প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ভবেন চন্দ্ৰ বড়োৱে কোনোদিনে আহৰি নাপালে এইখন গাঁৱৰ সমস্যাৰ বুজ ল'বলৈ। ৰাইজৰ অভিযোগ- নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিক আজিলৈকে গাঁওখনৰ অধিকাংশ লোকে দেখা নাপালে, জনপ্ৰতিনিধিয়ে হেনো কেৱল মাথোঁ নিৰ্বাচনৰ সময়তহে দেখা দিয়ে। Also Read: ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰঅৱশেষত গাঁৱৰ ৰাইজে উপায়ান্তৰ হৈ নিজৰ গাঁঠিৰ ধন ভাঙি পুৰুষ-মহিলা সকলো ওলাই আহি বাঁহৰ দলংখন মেৰামতি কৰে। বৰ্তমানৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ই এম লৌমশ্ৰাও দৈমাৰীক পুনৰবাৰ ৰাইজৰ আহ্বান এখন পকী দলং নিৰ্মাণ কৰিবলৈ। এখন স্থায়ী দলং নিৰ্মাণৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে। পৰৰ্ৱতী সময়তহে লক্ষণীয় হ'ব ৰজাঘৰীয়াই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে। AdvertismentAdvertisment Read the Next Article