Assameseডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়ককনিলম্বিত বিধায়কক লৈ অদ্ভুত যুক্তি মন্ত্ৰী বিমল বৰাৰ। অখিল গগৈক অধ্যক্ষই নিলম্বন কৰাৰ লগে লগে বিধানসভাত মন্ত্ৰী বিমল বৰাই আনিলে এটা বিশেষ প্ৰস্তাৱ। বিমল বৰাৰ মতে কেৱল নিলম্বনেই নহয় ডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়কক।Mrinmoy Talukdar Nov 28, 2025 17:59 ISTFilephotoডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়ককঅদ্ভুত যুক্তি মন্ত্ৰী বিমল বৰাৰAdvertismentনিলম্বিত বিধায়কক লৈ অদ্ভুত যুক্তি মন্ত্ৰী বিমল বৰাৰ। অখিল গগৈক অধ্যক্ষই নিলম্বন কৰাৰ লগে লগে বিধানসভাত মন্ত্ৰী বিমল বৰাই আনিলে এটা বিশেষ প্ৰস্তাৱ। বিমল বৰাৰ মতে কেৱল নিলম্বনেই নহয় ডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়কক।আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিন। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাৰ সময়ত কিছু বিতৰ্ক সৃষ্টি হোৱাৰ সময়তে নিলম্বিত হৈছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ইয়াৰ পাছতে মন্ত্ৰী বিমল বৰাৰ মুখত অদ্ভুত যুক্তি। বিমল বৰাৰ মতে অসম বিধানসভাৰ ভিতৰত লাগে “ডিটেনচন ৰুম”! সদন চলি থকাৰ সময়ত নিলম্বিত বিধায়কক ৰাখিবলৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক “ডিটেনচন ৰুম”ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে কেবিনেট মন্ত্ৰী বিমল বড়াই। কিয় বিধানসভাৰ ভিতৰত “ডিটেনচন ৰুম” লাগে তাৰো বাখ্যা দিলে বিমল বৰাই। মন্ত্ৰী গৰাকীৰ মতে, নিলম্বিত হোৱাৰ পাছত বিধায়ক সকলে প্ৰায়ে ওলাই যায় আৰু বাহিৰত গৈ সংবাদ মাধ্যমৰ আগত ভুল বাখ্যা কিছুমান আগবঢ়ায়। মন্ত্ৰী বড়াই অধ্যক্ষক কয়, “নিলম্বিত বিধায়ক সকলৰ বাবে বিধানসভাত এটা কোঠাৰ ব্যৱস্থা কৰিব লাগে, যাতে নিলম্বিত বিধায়ক সকলক সেই কোঠাত ৰাখিব পাৰে। নিলম্বন কৰাৰ পাছত চৌহদৰ পৰা ওলাই যাবলৈ দিয়া উচিত নহয়,কাৰণ তেওঁলোকে ওলাই গৈ সংবাদ মাধ্যমৰ জৰিয়তে ভুল বাখ্যা এৰি দিয়ে।” তেওঁ আৰু কয়,”হয়তো সকলো সুবিধা থকা ডিটেনচন ৰুম এটা থাকিব পাৰে।”ইফালে, বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই কয় যে, কি কাৰণত বিধায়কক নিলম্বন কৰা হয় তাৰ কাৰণ দৰ্শাই এটা বিবৃতি দিব লাগে।AdvertismentAdvertisment Read the Next Article