Assameseচৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জনচৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগেৰে উত্তাল ৰাভা হাছং এলেকাধীন অঞ্চল। হাতে হাতে জোঁৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জন।Jyotiprasad Sarma Dec 07, 2025 19:34 ISTচৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জনৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোকচৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগেৰে উত্তাল ৰাভা হাছং এলেকাধীন অঞ্চল। হাতে হাতে জোঁৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জন।Advertismentপুনৰ অশান্ত হোৱাৰ দিশে গতি কৰিছে সমগ্ৰ ৰাভা হাছং! ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৰাভা জনজাতীয় দল–সংগঠনসমূহে।Also Read: ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰদেওবাৰে দক্ষিণ কামৰূপৰ লোহাৰঘাটত বিশাল জোঁৰ সমদল বাহিৰ কৰে ৰাভা জনজাতীয় দল– সংগঠনসমূহে। প্ৰতিবাদত কঁপি উঠিল দক্ষিণ কামৰূপৰ লোহাৰঘাট। সদৌ ৰাভা ছাত্ৰ সন্থাৰ আহ্বানত দক্ষিণ কামৰূপৰ লোহাৰঘাটত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰা জোঁৰ সমদলত অংশগ্ৰহণ কৰে ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিকে ধৰি ৰাভা সংগঠনসমূহে।Also Read: লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলাবৰদুৱাৰ বাগানত প্ৰায় দুই কিলোমিটাৰ ৰাজপথেৰে জোঁৰ সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে দক্ষিণ কামৰূপৰ লোহাৰঘাটৰ আকাশ-বতাহ কঁপাই তোলে। Also Read: কেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট?ৰাভা হাছঙক ডিচেম্বৰৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ। যদিহে তেওঁলোকৰ দাবী চৰকাৰে পূৰণ নকৰে তেনেহ'লে পুনৰ ৰাভা হাছং এলেকা অশান্ত হৈ পৰিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে। ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে পুনৰ সমগ্ৰ ৰাভা হাছঙত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। AdvertismentAdvertisment Read the Next Article