Advertisment

লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা

দেওবাৰে লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ আজাদ নৱজ্যোতি ৰংগমঞ্চ চৌহদত এদিনীয়াকৈ অনুষ্ঠিত হ'ল এই বিনামূলীয়া গ্ৰন্থমেলাখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই বিনামূলীয়া গ্ৰন্থমেলাখন।

 লখিমপুৰত অনুষ্ঠিত বিনামূলীয়া গ্ৰন্থমেলা Photograph: (DY365)
লখিমপুৰত অনুষ্ঠিত বিনামূলীয়া গ্ৰন্থমেলা Photograph: (DY365)

ব্যতিক্ৰমী চিন্তা


বিনামূলীয়া গ্ৰন্থমেলা

আপুনি নিশ্চয় গ্ৰন্থমেলালৈ যায় আৰু গ্ৰন্থমেলাৰ পৰা মন পছন্দৰ কিতাপো ক্ৰয় কৰিছে। পিছে আপুনি গ্ৰন্থমেলাৰ পৰা এটকাও নিদিয়াকৈ অৰ্থাৎ বিনামূলীয়াকৈ কিতাপ আনি পাইছে নে? নিশ্চয় নাই। আপুনি চাগে ভাবিছে গ্ৰন্থমেলাৰ পৰা বিনামূলীয়াকৈ কেনেকৈ কিতাপ নিব পাৰি? 

Advertisment

আজি আমি এখন গ্ৰন্থমেলাৰ কথা ক'ব ওলাইছো যিখন গ্ৰন্থমেলাৰ পৰা এটকাও নিদিয়াকৈ যি কোনো মূল্যৰ বা যি কোনো আকাৰৰ এখন গ্ৰন্থ বিনামূলীয়াকৈ পাঠক সমাজে লৈ গৈছে। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য।  

Also Read: পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ

দেওবাৰে লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ আজাদ নৱজ্যোতি ৰংগমঞ্চ চৌহদত এদিনীয়াকৈ অনুষ্ঠিত হ'ল এই বিনামূলীয়া গ্ৰন্থমেলাখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই বিনামূলীয়া গ্ৰন্থমেলাখন। জীৱন্ত শইকীয়া নামৰ যুৱকজনৰ প্ৰচেষ্টাত এই বিনামূলীয়া গ্ৰন্থমেলাখনে বাস্তব ৰূপ পায়।

Also Read: নৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ?

গ্ৰন্থমেলাত প্ৰৱেশ বিনামূলীয়া নহয়, কিন্তু বিপণীত থকা সকলোধৰণৰ কিতাপ উপলব্ধ হ'ল বিনামূলীয়াকৈ। এই গ্ৰন্থমেলাৰ বিপণীত উপলব্ধ হ'ল প্ৰায় ৩০ হাজাৰ বিভিন্ন গ্ৰন্থ। অসমৰ বিভিন্ন লোকে প্ৰদান কৰা বিভিন্ন বিষয়ৰ কিতাপেৰে অনুষ্ঠিত হ'ল এই গ্ৰন্থমেলাখন। জনহিতৈষী পুথিভঁৰাল নামৰ পদপথৰ পুথিভঁৰাল গঠনেৰে বৌদ্ধিক ক্ষেত্ৰ খনত কাম কৰি থকা জীৱন্ত শইকীয়াৰ একক প্ৰচেষ্টাত সফলতাৰে আয়োজন হয় এই গ্ৰন্থমেলাখন। 

Also Read: গুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট

উল্লেখ্য যে, গ্ৰন্থমেলাৰ বাকৰিত দেখা গ'ল বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অন্যান্য গ্ৰন্থপ্ৰেমী লোকক। সকলোৱে নিজৰ পছন্দৰ কিতাপখন আনন্দ মনেৰে বিনামূলীয়াকৈ হাতত তুলি লৈ গৈছে। কোনোবাই যদি পাঠ্যক্ৰমৰ প্ৰয়োজনীয় কিতাপখন বিনামূলীয়াকৈ সংগ্ৰহ কৰিছে, আন কোনোবাই আকৌ নিজৰ প্ৰয়োজনীয় ধৰ্ম গ্ৰন্থখন সংগ্ৰহ কৰাৰ সুবিধা পাইছে।  

কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধাউতি বৃদ্ধি কৰা, নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ মানসেৰে লখিমপুৰত অনুষ্ঠিত কৰা বিনামূলীয়া গ্ৰন্থমেলাৰ উদ্যোক্তাৰ কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰা দেখা গৈছে। আমাৰ ফালৰ পৰাও তেওঁলোকলৈ থাকিল শুভকামনা। 

Advertisment
Advertisment