Assameseকেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট? অৱশেষত দিন–বাৰ চূড়ান্ত হ’ল ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট দাখিলৰ দিন। ১২ ডিচেম্বৰত আদালতত চার্জশ্বীট দাখিল কৰিব SIT-এ। সংবাদমেলযোগে ঘোষণা কৰিলে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। চার্জশ্বীট দাখিলৰ পিছতে ৰাজহুৱা হ'ব সকলো কথা। Jyotiprasad Sarma Dec 06, 2025 20:23 ISTকেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট? Photograph: (DY365)কেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট?প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ। অৱশেষত দিন–বাৰ চূড়ান্ত হ’ল ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট দাখিলৰ দিন। ১২ ডিচেম্বৰত আদালতত চার্জশ্বীট দাখিল কৰিব SIT-এ। সংবাদমেলযোগে ঘোষণা কৰিলে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। চার্জশ্বীট দাখিলৰ পিছতে ৰাজহুৱা হ'ব সকলো কথা। অসমৰ ৰাইজে গম পাব ছিংগাপুৰত কেনেকৈ কি পৰিস্থিতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাৰ মতে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। ইতিমধ্যে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে CID-এ। ৩ শতাধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে SIT-এ। AdvertismentAlso Read: মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকুঅসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আঢ়ৈ মাহ পাৰ হ’ল। সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে সেই দিনটোলৈ বাট চাই আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে ঘটা ঘটনাৰ সঠিক ন্যায় কেতিয়া পাব? Also Read: গৰু ভৰ্তি বাহন ধৰিবলৈ গৈয়ো ঘূৰি আহিল BSF জোৱান! কিন্তু কিয়...?অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে মিউজিক আইকন জুবিন গাৰ্গৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনাৰ তদন্ত। ঘটনা সন্দৰ্ভত এছ আই টিয়ে ইতিমধ্যে ৩০০ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে। বৰ্তমানেও কাৰাবন্দী হৈ আছে ঘটনাৰে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী।Also Read: সীমান্তত আকৌ চলিল গুলী... BSFৰ গুলীত ২ নাবালক গুলীবিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়াউল্লেখযোগ্য যে, ১৯ ছেপ্টেম্বৰত মৰমৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল। হাৰ্টথ্ৰৱগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমবাসী তথা জুবিন অনুৰাগী শোকত মিয়ম্ৰাণ হৈ পৰিছিল। স্তব্ধ হৈ পৰিছিল সমগ্ৰ ৰাজ্য। আজিও মানিব পৰা নাই প্ৰাণৰ শিল্পীগৰাকী যে আমাৰ মাজত নাই। Also Read: কি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীক এতিয়া মাথোঁ অপেক্ষা ১২ ডিচেম্বৰলৈ। কিয়নো অসমৰ ৰাইজ ৰৈ আছে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল? ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ সৈতে? প্ৰতিজন অনুৰাগীৰ মনত এইটোৱেই যেন প্ৰশ্ন।AdvertismentAdvertisment Read the Next Article