Advertisment

CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক

আজি জুবিন গাৰ্গৰ ন্যায়িক তদন্তৰ এক নতুন মোৰ লৈছে। আজি CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক। ইয়াৰ পূৰ্বে ১৪ দিনৰ SITৰ জিম্মাত আছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা।

 CJM আদালতত হাজিৰ কৰা হ'ৱ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক Photograph: (DY365)
CJM আদালতত হাজিৰ কৰা হ'ৱ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক Photograph: (DY365)

CJM আদালতত হাজিৰ কৰা হ'ৱ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক..

গুৱাহাটী : অসমৰ সংস্কৃতি জগতৰ মহাতাৰকা জুবিন গাৰ্গৰ ১৯ ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনকভাবে মৃত্যু হৈছিল। অসমৰ প্ৰাণৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই  থকা বিশেষ অনুসন্ধানকাৰী দল (SIT)এ বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তত নিয়োজিত বিশেষ তদন্তকাৰী দল (SIT)-এ বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তথ্য বিচাৰি SITৰ তদন্তত এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত সৈতে জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ১ অক্টোবৰত SIT-এ  শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। ২ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাক। যোৱা ৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল সন্দীপন গাৰ্গক। ১০ অক্টোবৰত জুবিন গাৰ্গৰ ২ দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো গ্ৰেপ্তাৰ কৰা হৈছিল।

Advertisment

ALSO READ:ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

বৰ্তমানলৈ CID কাৰ্যালয়ত উপস্থিত হৈছে ছিংগাপুৰৰ ৯ প্ৰৱাসী অসমীয়া। আজি SITৰ জেৰাৰ সন্মুখীন হব সুস্মিতা গোস্বামী, প্ৰতিম ভূঞা। এতিয়াও উপস্থিত হ’বলৈ বাকী আছে দিব্যজ্যোতি হাজৰিকা। আনহাতে ছিংগাপুৰৰ নাগৰিকত্ব লাভ কৰা ৱাজিদ আহমেদো এইপৰ্যন্ত উপস্থিত হোৱা নাই। 

আজি জুবিন গাৰ্গৰ ন্যায়িক তদন্তই এক নতুন মোৰ লৈছে। আজি CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক। ইয়াৰ পূৰ্বে ১৪ দিনৰ SITৰ জিম্মাত আছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা। লগতে সন্দীপন গাৰ্গকো CJM আদালতত হাজিৰ কৰাবলৈ নিয়া হ'ল। কটকটীয়া নিৰাপত্তাৰ মাজৰে জুবিন গাৰ্গৰ ২ দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো আদালতলৈ লৈ যোৱা হ’ল। কাইলৈ অন্ত পৰিব শেখৰজ্যোতি, অমৃতপ্ৰভাৰ আৰক্ষী জিম্মাৰ ম্যাদ। ৭ দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছিল সন্দীপন গাৰ্গক। আজিয়ে সন্দীপন গাৰ্গকো CJM আদালতত হাজিৰ কৰা হৈছে। ১০ অক্টোবৰত  গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ ২ দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো হাজিৰ কৰা হব CJM আদালতত।

ALSO READ:SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে?

গোটেই কেইজন অভিযুক্তক CJM আদালতলৈ নিয়াৰ পাছত SITৰ মুৰব্বী তথা SDGP মুন্নাপ্ৰসাদ গুপ্তাই সংবাদমাধ্যমৰ সম্মুখত মন্তব্য় কৰে । তেঁও কয়, 'SITএ পুনৰ জিম্মাত নিবিচাৰে সিদ্ধাৰ্থ, শ্যামকানুক। CJM আদালতৰ পৰা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব সিদ্ধাৰ্থ, শ্যামকানুক।  জুবিনৰ ২ দেহৰক্ষী, সন্দীপন গাৰ্গকো পুনৰ জিম্মাত নলয় SITএ  প্ৰয়োজন হ’লে তেওঁলোকক পুনৰ জেৰা চলোৱা হ’ব'।

ALSO READ:জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা