Advertisment

মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু

মাহীয়েকৰ ছোৱালীৰে আহমদ আলীৰ প্ৰেমৰ সম্পৰ্ক। ছাজিদাৰ ঘৰলৈ প্ৰায়েই আহ-যাহ হৈছিল আহমদ আলীৰ। কিন্তু হঠাৎ প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ প্ৰেমিক আহমদৰ বিৰুদ্ধে।

 মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু

গুৱাহাটী, ০৬ ডিচেম্বৰঃ পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে তীৰ্থনগৰী হাজো। প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই ধূমপান কৰোৱাই প্ৰেমিকাক হত্যা কৰিলে ঘাতকৰূপী ককায়েকে! ঘটনাৰ স্থান হাজোৰ খোপনিকুছি। খোপনিকুছিৰ জুলহাজ উদ্দিন নামৰ লোকজনৰ কনিষ্ঠ জীয়ৰী ছাজিদা খাতুনৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল প্ৰতিবেশী জামাল আলীৰ পুত্ৰ আহমদ আলীৰ সৈতে। ছাজিদা খাতুন সম্পৰ্কত আহমদ আলীৰ মাহীয়েকৰ ছোৱালী। আহমদ আলীৰ প্ৰায়েই আহ-যাহ হৈছিল ছাজিদাৰ ঘৰলৈ। মাজে সময়ে ছাজিদাৰ ওপৰত আহমদে চলাইছিল শাৰীৰিক অত্যাচাৰো।

Advertisment

ALSO READ: গ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডে

কেৱল এয়াই নহয়, প্ৰেমিকা ছাজিদাক নিজৰ পৰিয়ালৰ সন্মুখতে কেইবাবাৰো হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল আহমদ আলীয়ে। তেনে সময়তে বিগত মংগলবাৰৰ নিশা সেই অকল্পনীয় কাণ্ডই সংঘটিত কৰিলে ঘাতক আহমদ আলীয়ে। অন্য দিনাৰ দৰে বৃহস্পতিবাৰৰ নিশাও আহমদ আলী আহিছিল প্ৰেমিকা ছাজিদাৰ ঘৰলৈ। প্ৰেমিকাৰ ঘৰলৈ আহি প্ৰেমিকাৰ পিতৃ জুলহাজ উদ্দিনক আহমদে সেৱন কৰোৱাইছিল নিচাযুক্ত দ্ৰব্য মিহলি কৰা বিড়ি। সেই বিড়ি সেৱন কৰিয়েই অচেতন হৈ পৰিছিল ছাজিদাৰ পিতৃ।

ALSO READ:  কি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীক

পিছদিনা পুৱা টোপনিৰ পৰা সাৰ পাই চিপ লোৱা অৱস্থাত নিজৰ ১৭ বছৰীয়া জীয়ৰীক প্ৰত্যক্ষ কৰি জুলহাজ উদ্দিনৰ মূৰত যেন সৰগ ভাগি পৰিল। জুলহাজৰ চিঞৰ-বাখৰত ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হোৱাত নিজৰ ঘৰৰ পৰা পলায়ন কৰে প্ৰেমিকৰূপী ঘাতক আহমদ আলী। এই ঘটনাৰ পাছতে ছাজিদাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আহমদ আলীৰ পিতৃ জামাল আলীক। বৰ্তমানো পলাতক অৱস্থাত আছে মূল অভিযুক্ত আহমদ আলী।

Advertisment
Advertisment